নিউজ ডেক্স ,১৭ জানুৱাৰী,২০২৩ :আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিদিৱস উপলক্ষে ৰাজ্যজুৰি পালন কৰা হৈছে শিল্পী দিৱস। ৰাজ্যৰ বিভিন্ন স্থানত বহু অনুষ্ঠান-প্ৰতিষ্ঠানে শিল্পী দিৱসৰ মাজেৰে স্মৰণ কৰিছে সংস্কৃতিৰ পূজাৰী ৰূপকোঁৱৰক ৷
অসমৰ সাংস্কৃতিক জগতৰ কাণ্ডাৰী স্বৰূপ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল ১৭ জুন, ১৯০৩ চনত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত।১৯৫১ চনৰ ১৭ জানুৱাৰীত মাত্ৰ ৪৮

বছৰ বয়সতে মৃত্যুবৰণ কৰা জ্যোতিপ্ৰসাদ আগৰৱালা আছিল প্ৰথমখন অসমীয়া চলচিত্ৰ জয়মতীৰ নিৰ্মাতা ৷ চিনেমাৰ সমান্তৰালভাৱে গীতিকাৰ,সুৰকাৰ, নাট্যকাৰ, স্বাধীনতা সংগ্ৰামী তথা অসমৰ সমাজ জীৱনৰ কিংবদন্তীসুলভ শিল্পীগৰাকীৰ স্মৃতিত ১৭ জানুৱাৰীত ৰাজ্যজুৰি পালন কৰা হয় শিল্পী দিৱস আৰু আজি সমগ্ৰ অসমবাসীয়ে শ্ৰদ্ধাৰে সোঁৱৰে সাংস্কৃতিক কাণ্ডাৰীজনাক৷

