নিউজ ডেক্স,১৮ জানুৱাৰী ২০২৩ : যোৱা ১৭ জানুৱাৰীৰ পৰা নাজিৰা মহকুমাৰ অন্তৰ্গত শিলাকুটি মৌজাৰ দৰিকিয়াল
গাঁৱত আজিৰে পৰা অনুষ্ঠিত হৈছে অসম ভাওনা মহোৎসৱ ২০২৩ ৷ অহা ২৩ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া সপ্তাহজোৰা অসম ভাওনা মহোৎসৱ ২০২৩ ৰ কালি পুৱা পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে উদযাপন সমিতিৰ সভাপতি ৰমেন দত্তই৷ইয়াৰ পাছতে স্মৃতি তৰ্পন কৰে শতায়ু গৰকা বয়োজেষ্ঠ ব্যক্তি নোমল বৰগোহাঁইয়ে । ছটাকৈ মৌজাৰ ৰাইজৰ কায়িক আৰু আৰ্থিক সহযোগত দৰিকিয়াল গাঁও বৰনামঘৰ প্ৰাংগনত শংকৰদেৱ-মাধৱদেৱ ক্ষেত্ৰত অনুষ্ঠিত কৰা ভাওনা মহোৎসৱত পুৱাৰে পৰা সহস্ৰাধিক ভকত বৈষ্ণৱে অংগ্ৰহণ কৰে৷অস্থায়ী নামঘৰ নিৰ্মাণ, ডেৰশতাধিক ভকত, যুৱক-যুৱতীৰ শ্ৰমদানত উদযাপন থলী আৰু কেউদিশৰ বাট-পথ সমূহ নিকাকৰণ, উদযাপন থলীত পৰিস্কাৰ পৰিচ্ছন্নতাৰ বাবে বাঁহেৰে জাবৰ দানি প্ৰস্ত্তত কৰা, দহখনৰোধিক তোৰণ নিৰ্মাণ আদিৰে দৃষ্টি নন্দন পৰিবেশৰ সৃষ্টি কৰা মহোৎসৱ স্থলীত প্ৰথম দিনাই শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামী উপস্থিত হোৱাৰ পাছতে সহস্ৰাধিক ভকত বৈষ্ণৱে আদৰণি জনায়৷
সন্ধ্যা গোস্বামীয়ে ভাওনাৰ শুভ উদ্বোধন কৰে ৷

