নিউজ ডেক্স, ১৯ জানুৱাৰী ২০২৩: কবিতাৰে ৰাইজৰ মন জয় কৰা জনতাৰ কবি নীলমণি ফুকনৰ আজি দিনৰ ১১-৫৫ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালত দেহাৱসান ঘটে৷ কাব্যঋষি গৰাকীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে ৰাজ্যৰ বৌদ্ধিক
আৰু সামাজিক জগত৷ ১৯৩৩ চনৰ ১০ চেপ্তেম্বৰত জন্ম গ্ৰহণ কৰা জনপ্ৰিয় কবিগৰাকী বিগত কিছুদিন চিকিৎসাধীন হৈ আছিল৷ নৃত্যৰতা পৃথিৱী, আৰু কি নৈশব্দ, গোলাপীজামুৰ লগ্ন, কবিতা, সূৰ্য্য হেনো নামি আহে এই নদীয়েদি ইত্যাদি বহু কাব্যগ্ৰন্থৰ স্ৰষ্টা তথা প্ৰতীকবাদ আৰু চিত্ৰকল্পবাদৰ সংমিশ্ৰিত এক স্বকীয় কাব্যধাৰাৰে অসমীয়া সাহিত্যক প্ৰৌজ্বল কৰি তোলা কবি নীলমণি ফুকনে ২০২১ চনত জ্ঞানপীঠ বঁটা, অসম উপত্যকা সাহিত্য বঁঁটা, সাহিত্য একাডেমি বঁটা আৰু পদ্মশ্ৰীকে ধৰি বিভিন্ন বঁটা আৰু সন্মানেৰে সন্মানিত হোৱাৰ লগতে ৰাজ্যবাসীয়ে চেনেহ আৰু শ্ৰদ্ধাৰে তেওঁক কাব্যঋষি উপাধিৰে বিভূষিত কৰিছিল৷ আজি জনতাৰ কবি, কাব্যঋষি নীলমণি ফুকনৰ দেহাৱসানৰ বাতৰিয়ে শোকদগ্ধ কৰি তুলিছে ৰাজ্যবাসীক৷
Breaking News
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই

