নিউজ ডেক্স,২২ জানুৱাৰী ২০২৩ :
অহা ইংৰাজী ২৭ জানুৱাৰী তাৰিখত শুভ মুক্তি হ’ব অসমীয়া বোলছবি “অনু”ৰ। প্ৰখ্যাত লেখিকা অনুৰাধা শৰ্মা পূজাৰীৰ এটা চুটি গল্পৰ আধাৰত নিৰ্মিত বোলছবিখনৰ মুক্তিৰ আগ মুহূৰ্তত বহুল প্ৰচাৰৰ বাবে উজনি অসমৰ বিভিন্ন প্ৰান্তত গৰিমা গাৰ্গ সহ চলচ্চিত্ৰ খনৰ কলা-কুশলীৰ দলে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। আনহাতে কিং খান হিচাবে পৰিচিত শ্বাহৰুক খানৰ মুক্তি পাব লগীয়া হিন্দী চিনেমা পাঠান আৰু ড: বেজবৰুৱা ২ নামৰ অসমীয়া চিনেমাখনক লৈও গৰিমা শইকীয়া গাৰ্গে বিশেষ মন্তব্য আগবঢ়ায়৷ আানহাতে ড: বেজবৰুৱা ২ কথাছবিখনৰ প্ৰমোচনৰ বাবেও নাজিৰাত আাজি এক ৰ’ড শ্ব অনুষ্ঠিত হয়৷


