নিউজ ডেক্স, ২৩ জানুৱাৰী ২০২৩ : আগন্তুক ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি আজি ৰাতিপুৱা ৬ বজাত বৰবৰুৱা পুখুৰী পাৰৰ পৰা নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত “Republic Run” শীৰ্ষক মাৰাথন প্ৰতিযোগিতা আয়োজিত কৰা হয়। নাজিৰা মহকুমাধিপতি আয়ুষী জৈনে শুভাৰম্ভ কৰা এই প্ৰতিযোগিতাত বহু সংখ্যক লোকে অংশগ্ৰহণ কৰে। নাজিৰা বৰবৰুৱা পুখুৰী পাৰৰ পৰা আৰম্ভ হোৱা এই মাৰাথন প্ৰতিযোগিতাখনত মেকিপুৰ পথেৰে চকিমুখ হৈ সৰ্বমুঠ ১২ কি: মি পথ অতিক্ৰম কৰা হয়।
পুৰুষ আৰু মহিলা দুটা শাখাত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত পুৰুষৰ শাখাত বিশাল ওৰাং,পাৰ্থ প্ৰতীম লাহণ, সুশান্ত ৰাজবংশীয়ে ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে । অন্যহাতে মহিলাৰ শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে স্বাষ্টিকা গগৈ, অনিষা দুৱৰী আৰু প্ৰিয়া দুৱৰীয়ে। লগতে জ্যেষ্ঠ আৰু কণিষ্ঠতম প্ৰতিযোগী হিচাপে মাৰাথন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ক্ৰমে নাজিৰা মহকুমাধিপতি কাৰ্য্যালয়ৰ জ্যেষ্ঠ সহায়ক অশোক বৰুৱা আৰু অংশুমান বৰগোহাঁইয়ে সফলভাৱে ১২ কি: মি পথ অতিক্ৰম কৰে। মহকুমাধিপতি আয়ুষী জৈনে প্ৰতিযোগিতা খনত নিজে অংশগ্ৰহণ কৰি ১২ কি. মি.ৰ সম্পূৰ্ণ দূৰত্ব সফলতাৰে অতিক্ৰম কৰি অংশগ্ৰহণকাৰী সকলক উৎসাহ প্ৰদান কৰে।




