নিউজ ডেক্স, ২৬ জানুৱাৰী,২০২৩ : গণৰাজ্য দিৱসৰ প্ৰাক ক্ষণত ২০২৩ বৰ্ষৰ পদ্মশ্ৰী, পদ্মভূষণ আৰু পদ্মবিভূষন সন্মান ঘোষণা কৰিলে ভাৰত চৰকাৰে। যোৱা বুধ বাৰে কেন্দ্ৰীয় চৰকাৰে দেশৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য বৰঙনিৰ বাবে ৬ গৰাকীলৈ পদ্মবিভূষণ, ৯ গৰাকীলৈ পদ্মভূষণ আৰু ৯১ গৰাকীলৈ পদ্মশ্ৰী সন্মান প্ৰদান কৰাৰ কথা ঘোষণা কৰে।দেশৰ মুঠ ১০৬ গৰাকী বিশিষ্ট ব্যক্তিৰ বাবে ঘোষাণা কৰা হয় এই বঁটা। এই ৯১ গৰাকী ভিতৰত তিনিগৰাকী অসমীয়াই লাভ কৰিছে পদ্মশ্ৰী সন্মান। পদ্মশ্ৰী লাভ কৰা অসমীয়া ব্যক্তি কেইগৰাকী হ’ল – মৰাণৰ বিশিষ্ট শিপিনী হেমপ্ৰভা চুতীয়া, নতুন চামগুৰি সত্ৰৰ বিশিষ্ট মুখাশিল্পী হেমচন্দ্ৰ গোস্বামী আৰু ডিমা হাচাওৰ বৰেণ্য সমাজ সংস্কাৰক ৰামকুইৱাংবে জেনে।
আনহাতে গণৰাজ্য দিৱস উপলক্ষে দেশৰ ৯০১ গৰাকী আৰক্ষীলৈ বিশেষ সন্মান আগবঢ়োৱা হয়৷ইয়াৰ ভিতৰত ১৪০ গৰাকী আৰক্ষীলৈ আগবঢ়োৱা হৈছে সাহসিকতাৰ পদক। ৯৩ গৰাকী আৰক্ষীলৈ ৰাষ্ট্ৰপতিৰ পদক আগবঢ়োৱা হৈছে আৰু ৬৬৮ গৰাকী আৰক্ষীলৈ আগবঢ়োৱা হয় বিশেষ যোগ্যতাৰ পদক।
অসমৰ ১৫ গৰাকীলৈ ৰাষ্ট্ৰপতিৰ বিশেষ পদক আগবঢ়োৱা হৈছে। ডি আই জি কংকনজ্যোতি শইকীয়ালৈ বিশেষ সেৱাৰ বাবে আগবঢ়োৱা হৈছে আৰক্ষী পদক। কৃতিত্বমূলক সেৱাৰ বাবে অসমৰ ১৪ গৰাকী আৰক্ষী বিষয়া-কনিষ্টবললৈ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক। গুৱাহাটীৰ চি পি দিগন্ত বৰালৈ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰপতিৰ পদক। এচ পি মজিবুৰ ৰহমান আৰু ৰ’জী কলিতালৈও আগবঢ়োৱা হয় ৰাষ্ট্ৰপতিৰ পুলিচ পদক।

আনহাতে ৰাষ্ট্ৰপতিৰ পুলিচ পদক আগবঢ়োৱা হৈছে আৰক্ষী পৰিদৰ্শক অনুকুল মালাকৰ, কনিষ্টবল ছিকাৰি ইংতি, কনিষ্টবল দিলীপ কলিতা, লেঞ্চ নায়ক মজিবুৰ ৰহমান চৌধুৰী, নায়ক মাণিক কাংছা বণিক, কনিষ্টবল সুমেশ্বৰ মুদৈ, কনিষ্টবল সুনীল ফুকন, কনিষ্টবল জোনমণি তামুলী, লেঞ্চ নায়ক আনন্দ ৰংহাং, এ এচ আই ঋতুমণি বৈৰাগী আৰু কনিষ্টবল সুভাষ ৰাভালৈ ৷

