নিউজ ডেক্স,৩১জানুৱাৰী ২০২৩ :আজি পবিত্ৰ মে-ডাম-মে ফি । আহোম সম্প্ৰদায়ৰ উপৰিপুৰুষ পুলিন পুঠাও সকলক স্মৰণ কৰাৰ এক পবিত্ৰ দিন ।ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ দৰে সদৌ তাই আহোম ছাত্ৰ সন্থা নাজিৰা মহকুমা সমিতিৰ উদ্যোগত আটাছুৰ নাজিৰা মহকুমা সমিতিৰ কাৰ্য্যালয়ত বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় মে-ডাম-মেফি।অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহল। মন্ত্ৰী অশোক সিংহলে চ্যাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তিত মাল্যাপৰ্ণ কৰাৰ লগতে তাই আহোমৰ ৰীতি-নীতেৰে অনুস্থিত ডামফি পূজাত ভাগ লয় আৰু অসম তথা অসমীয়া জাতি গঠনত আহোম স্বৰ্গদেউ সকলৰ অমূল্য অৱদানক স্মৰণ কৰি সেৱা জনাই কৃতজ্ঞতা জ্ঞাপন কৰে । এই মে-ডাম-মেফি অনুষ্ঠানত স্বদেশ ,স্বজাতি কুশলে থাকিবলৈ তেঁওলোকৰ উপৰিপুৰুষৰ লগতে প্ৰকৃতিৰ শক্তি , সৃষ্টি কৰ্তা ,নদ-নদী ,পাহাৰ ভৈয়াম ,বিদ্যাৰ অধিকাৰী জাচিংফাৰ লগতে অপশক্তি আঁতৰিবলৈ অৰ্পণ কৰা হয় বিভিন্ন ধৰণৰনৈবেদ্য৷
Breaking News
- নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
- নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্যাপন
- প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
- দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
- নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
- যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
- তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
- চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :



