ভাস্কৰজ্যোতি বৰগোহাঞি, নাজিৰাঃ৩ ফেব্ৰুৱাৰীঃনাজিৰা নগৰৰ ১ নং ৱাৰ্ডত অৱস্থিত টাই আহোম সাংস্কৃতিক কেন্দ্ৰত বানফী পূজাৰে যাথাবিহিত ভাৱে উপৰিপুৰুষলৈ তৰ্পণ আগবঢ়াই পৱিত্ৰ মে-ডাম মে-ফি পালন কৰা হয় । দিনটোৰ বিস্তৃত কাৰ্য্যসূচীত পুৱা পতাকা উত্তোলণ কৰে সাংস্কৃতিক কেন্দ্ৰটোৰ সভাপতি বিষ্ঞু বৰুৱাই । ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন, কবিতা আবৃতি, মহিলা সকলৰ মাজত মিউজিক চেয়াৰ আদি প্ৰতিযোগিতা অনুষ্ঠিত হয় । টাই ভাষী গীত, টাই নৃত্য পৰিৱেশন কৰে যুৱক যুৱতী সকলে । মুকলি সভাৰ সভাপতিত্ব কৰে বিষ্ঞু বৰুৱাই । টাই ভাষী সমদল গীতেৰে সভা মুকলি কৰা হয় । সভাত বিশিষ্ট বক্তা ৰূপে প্ৰদীপ ম’ছাম ফুকনে মে-ডাম মে-ফিত উপৰি-পুৰুষ আৰু প্ৰকৃতিৰ প্ৰতি প্ৰাৰ্থনাৰে সমাজৰ কল্যাণ আৰু মানৱীয় সম্প্ৰীতিৰ উপলব্ধি জ্ঞানক জাগ্ৰত কৰা হয় বুলি উল্লেখ কৰে । অ’ এনজিচিৰ অৱসৰপ্ৰাপ্ত বিষয়া অৰুণ কোঁৱৰ, শিক্ষক অৰুণ কোঁৱৰ, প্ৰহ্লাদ বৰগোহাঁই, লক্ষীৰাম লাচিত, নিলীমা গগৈ, লক্ষীন্দ্ৰ ৰাজখোৱা, ভাস্কৰজ্যোতি বৰগোহাঁই আদিয়ে বক্তব্য দাঙি ধৰে । সভাত নিবেদিতা ফুকন, প্ৰণীতা লাচিতে গীত পৰিৱেশন কৰে ।
Breaking News
- নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
- নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্যাপন
- প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
- দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
- নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
- যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
- তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
- চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :




