নিউজ ডেক্স, ৭ ফ্ৰেব্ৰুৱাৰী ২০২৩ : দীৰ্ঘদিন ধৰি বৰষুণৰ অভাবত সমগ্ৰ অসমত বৃদ্ধি পাইছে বায়ু প্ৰদূষণৰ মাত্ৰা ৷ ভাষমান ধূলিয়ে ক্ৰমবৰ্দ্ধিত ভাবে বায়ুমণ্ডল প্ৰদূষিত কৰাৰ কাৰণে ৰাজ্যত কাহ- জ্বৰকে ধৰি বিভিন্নধৰণৰ শ্বাস- প্ৰশ্বাসজনিত ৰোগ বৃদ্ধি হৈছে বুলি চিকিৎসা বিশেষজ্ঞ সকলে মত প্ৰকাশ কৰিছে৷ আনহাতে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত বায়ুমান সূচাংকই অতিক্ৰম কৰিছে বিপদসীমাৰ মাত্ৰা ৷ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ মতে বায়ু মান সূচাংক ২০০ ৰ ওপৰলৈ বেয়া বুলি ধৰা হয় ৷ বৰ্তমান ৰাজধানী চহৰ গুৱাহাটীৰ বায়ুমান ৩৪৫ সূচাংক! সেয়েহে জনস্বাৰ্থৰ খাতিৰত চৰকাৰে শ্ৰীঘ্ৰেই প্ৰদূষণ ৰোধৰ বাবে জৰুৰী পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজন বুলি সচেতন ৰাইজে মত প্ৰকাশ কৰিছে ৷
Breaking News
- নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
- নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্যাপন
- প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
- দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
- নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
- যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
- তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
- চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :

