নিউজ ডেস্ক, ১৫ ফ্ৰেব্ৰুৱাৰী,২০২৩: আজি ৰাজ্যজুৰি পালন কৰা হৈছে মিচিং জনগোষ্ঠীৰ পবিত্ৰ উৎসৱ আলি-আঃয়ে-লৃগাং ৷কৃষিজীৱি মিচিং লোকসকলে প্ৰতিবছৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে এই উত্সৱ পালন কৰে। আঃয়ে লৃগাং অসমৰ মিচিং জনগোষ্ঠীৰ এক বসন্ত উৎসৱ। এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়।মিচিং ভাষাত “আলি” মানে শস্যৰ বীজ, “আঃয়ে” মানে ফল আৰু “লৃগাং” মানে সিঁচিবলৈ আৰম্ভ কৰা; অৰ্থাত্ আলি আঃয়ে লৃগাং মানে হৈছে শস্য সিঁচাৰ প্ৰথম দিন৷ এই দিনটোৰ পৰাই মিচিং লোকসকলে ধানৰ বীজ সিঁচিবলৈ আৰম্ভ কৰে।শস্যৰ অধিক উত্পাদন কামনা কৰি এইউত্সৱৰ দিনটোত সকলো মিচিং জনগোষ্ঠীয় লোকে ইষ্ট দেৱতাক পূজা অৰ্চনা কৰি সমূহীয়া ভাবে পৰম্পৰাগত ৰীতি নীতিৰে ভোজ ভাত খোৱাৰ লগতে ঐনিতমৰ তালে তালে “গুমৰাগ“ নৃত্য কৰে৷মিচিংসকল সাধাৰণতে কৃষিজীৱী লোক। গতিকে আলি-আই-লৃগাং উৎসৱটিৰ জৰিয়তে কৃষিজীৱী এই মিচিং লোকসকলৰ কৃষি-সম্পৰ্কীয় চিন্তাচৰ্চা, ধ্যান-ধাৰণা, লোক-বিশ্বাস আদিৰ পূৰ্ণ প্রকাশ ঘটিছে। আলি-আই লৃগাং উৎসৱটিৰ মাজত লুকাই থকা লোকাচাৰবোৰৰ পৰা ইয়াক কঠীয়া বা শস্য সিঁচাৰ পূৰ্ব প্ৰস্তুতিমূলক উৎসৱ বুলিব পাৰি। মূল উৎসৱ আৰম্ভ হোৱাৰ দুই এদিন আগৰে পৰা মিচিং গাঁৱৰ গঞা ৰাইজে লগ লাগি নদী, বিল আদিত মাছ মাৰে আৰু হাবিত চৰাই-চিৰিকটি, পহু, নল গাহৰি আদি চিকাৰ কৰে। এই মাছ, মঙহবোৰ সকলোৱে ভগাই লয়। ইয়াৰদ্বাৰা তেওঁলোকৰ ভাতৃত্ববোধ আৰু একতাৰ উমান পোৱা যায়। আলি-আই-লৃগাঙৰ দিনা অস্ত্ৰৰে বাঁহ, বেত, খেৰ আদি কোনো জীয়া বস্তু কাটিব নাপায়। কাটিলে শস্যৰ অমংগল ঘটিব। এয়া মিচিং জনসমাজৰ লোক-বিশ্বাস।




