নিউজ ডেক্স,১৫ ফ্ৰেব্ৰুৱাৰী ২০২৩ : : সমগ্ৰ অসমত বাল্য বিবাহ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া চলি থকাৰ সময়তে অসম বিধান সভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে
অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰখনে ৰাইজক বিপথে পৰিচালিত কৰিবলৈ তথা মূল্য বৃদ্ধি, নিবনুৱা সমস্যা আদিত ডুব গৈ থকা ৰাইজক আৰু এবুকু সমস্যাত পোত খুৱাই তেওঁলোকৰ সাংসাৰিক জীৱনত জুই লগোৱাৰ স্বাৰ্থত বাল্য বিবাহৰ নামত হাজাৰ হাজাৰ লোকক জেলত ভৰাই হাৰাশাস্তি কৰি আছে।এই কথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে দিয়া ৰায়দানৰ জৰিয়তে পুনৰবাৰ প্ৰমাণিত হ’ল। ন্যায়ালয়ে কঠোৰ ভাষাৰে চৰকাৰক সমালোচনা কৰিছে আৰু স্পষ্টকৈ উল্লেখ কৰিছে যে, চৰকাৰে বাল্য বিবাহৰ নামত POSCO আইনৰ অধীনত গোচৰ ৰুজু কৰি অদ্ভূত অভিযোগত বহুতো লোকক জেলত ভৰাই থৈছে। যিটো কথা আমি আৰম্ভণিৰ পৰাই কৈ আহিছোঁ। বাল্য বিবাহ সমাজৰ এক ব্যাধি। ইয়াৰ বিৰোধিতা আমিও কৰিছোঁ আৰু চৰকাৰেও ইয়াক বন্ধ কৰিবলৈ লাগতীয়াল ব্যৱস্থা আইনৰ চাৰিসীমাত থাকি কৰাটো দৰকাৰ। কিন্তু যিবোৰ দাম্পতীয়ে আজিৰ পৰা ৫-৬ বা ৭ বছৰ আগতে বিবাহপাশত আৱদ্ধ হৈ ল’ৰা-ছোৱালীৰ সৈতে বৈবাহিক জীৱন জাপন কৰি আছে, তেওঁলোকক নতুনকৈ টানি আনি জেলত ভৰোৱাটো কোনো মানসিক ভাৱে সুস্থ লোকৰ বিবেকত বিবেচনাধীন হ’ব নোৱাৰে। এয়া মাত্ৰ এটা নিজৰ প্ৰচাৰ বা যিকোনো প্ৰকাৰে মিডিয়া বা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰাৰ এক দুষ্ট আৰু অমানৱীয় প্ৰয়াস। এয়া কঠোৰৰ পৰা কঠোৰতম ভাষাৰে গৰিহণাৰ যোগ্য বুলি উল্লেখ কৰি শইকীয়াই কয় যে
বাল্য বিবাহত অভিযুক্ত ব্যক্তিক গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰি চৰকাৰৰ বিৰুদ্ধে দিয়া কিছু সাৰ্থক মন্তব্য যেনে
✅”যদি আইন উলংঘা কৰি বিবাহ হৈ আছে তেন্তে আইনে ইয়াৰ ওপৰত ব্যৱস্থা ল’ব। এইবোৰ গোচৰ কালৰে পৰা হৈ আহিছে।
✅এইবোৰ গোচৰত POSCOআইন সংযোজন কৰাৰ দৰকাৰ কি? POSCO যোগ কৰিলেই ন্যায়াধীশসকলে দেখা নাপাব নেকি।” কি হয় আছে?…আমি ইয়াত কাকো দোষমুক্ত কৰা নাই। চৰকাৰক তদন্ত কৰিবলৈ কোনেও বাধা দিয়া নাই।” কিন্তু এইবোৰ জিম্মাত ৰাখি জেৰা কৰাৰ বিষয় নহয়। আইন অনুসৰি আগবাঢ়ি যাওক, চাৰ্জ শ্বীট দাখিল কৰক, যদি তেওঁলোকক দোষী সাব্যস্ত কৰা হয়, তেন্তে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হওক, ই মানুহৰ ব্যক্তিগত জীৱনত বিধ্বংসী ৰূপ ধাৰণ কৰিছে, ল’ৰা-ছোৱালী আছে, পৰিয়ালৰ সদস্য আৰু বৃদ্ধ আছে, পৰিয়ালৰ মুখ্য মানুহ এজন কাৰাগাৰত বন্দী হৈ থাকিলে সুখী বিবাহিত পৰিয়াল এটা ধ্বংস হৈ যাব।
✅এই গোচৰবোৰত আইপিচি ধাৰা ৩৭৬ কিয় সংযোজন কৰা হৈছে? গোচৰ বোৰ পৰীক্ষা কৰি ন্যায়াধীশ শ্যাম কয় যে, “ইয়াত ধৰ্ষণৰ কোনো অভিযোগ আছেনেকি? আৰু লগতে কয় যে, গোচৰটোত ‘অদ্ভুত অভিযোগ’ উত্থাপন কৰা হৈছে।শিশুক যৌন শোষণৰ পৰা ৰক্ষা কৰিবলৈ POCSO প্ৰণয়ন কৰা হৈছিল, এইবোৰৰ বেছিভাগ ক্ষেত্ৰতে স্বামী-স্ত্ৰীয়ে নিজৰ সন্তানৰ সৈতে সুখেৰে জীয়াই আছে, যৌন শোষণৰ প্ৰশ্ন ক’ত? বুলি ন্যায়ালয়ে অত্যন্ত প্ৰাসংগিক প্ৰশ্ন উণ্থাপন কৰিছে বুলি মতপোষণ কৰি
অসমত সংঘটিত হোৱা চৰকাৰৰ অমানুষিক দিশটোৰ আনুষংগিকতা মেঘালয় উচ্চ ন্যায়ালয়ে দিয়া অন্য এক বিচাৰৰ ৰায়দানৰ পৰাও পাব পাৰি বুলি উল্লেখ কৰি শইকীয়াই কয় যে মাননীয় মেঘালয় উচ্চ ন্যায়ালয়ে টেইবৰলাং বনাম মেঘালয় ৰাজ্যৰ গোচৰত ২০২২ চনত এটা গোচৰৰ ৰায়দান কৰি কৈছিল যে, “যদিও, শিশুক যৌন শোষণৰ পৰা ৰক্ষা কৰিবলৈ POSCO আইন প্ৰণয়ন কৰা হৈছে,উক্ত আইনখনৰ কঠোৰতাৰ সুযোগ লৈ কিন্তু ইয়াক বৰ্তমানে অদ্ভুত তথ্য আৰু পৰিস্থিতিত ব্যৱহাৰ কৰি থকা হৈছে। যিবোৰ গোচৰত এই আইনখন প্ৰয়োগ কৰিব নোৱাৰি সেইবোৰ গোচৰতো প্ৰয়োগ কৰাৰ ফলত কেৱল সুখী পাৰিবাৰিক সম্পৰ্ক বিচ্ছিন্ন হ’ব আৰু পত্নীয়ে কোনো সহায় নোহোৱাকৈ নিজৰ কেঁচুৱাৰ যত্ন ল’বলগীয়া হ’ব । ” এই উদাহৰণ দাঙি ধৰি দেৱব্ৰত শইকীয়াই কয় “ মোৰ আহ্বান চৰকাৰে যেন ভৱিষ্যতে আইনৰ চাৰিসীমাৰ মাজেৰে বাল্য বিবাহ ৰোধ কৰাৰ সন্দৰ্ভত যথাযথ পদক্ষেপ গ্ৰহণ কৰক , চমক সৃষ্টি কৰাৰ বাবে নহয়।”


