নিউজ ডেক্স, ১৬ ফ্ৰেব্ৰুৱাৰী,২০২৩ :এক গুৰুত্বপূৰ্ণ অভিযোগ উণ্থাপিত হৈছে আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ বিৰুদ্ধে। এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাই সামাজিক মাধ্যমত অভিযোগ কৰিছে যে, পূৰ্বৰ এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাৰ পৰা মাহে ১৬ লাখকৈ টকা লৈছিল সমুজ্জ্বল ভট্টাচাৰ্যই৷ সামাজিক মাধ্যমত এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাই অভিযোগ কৰিছে যে- এনআৰচি কেলেংকাৰীত জড়িত আছিল সমুজ্জ্বল ভট্টাচাৰ্য। আৰু এই কেলেংকাৰীৰ ভাগ হিচাপেই ভট্টাচাৰ্যই লৈছিল এই ধন।হিতেশ দেৱ শৰ্মাই ফেচবুক পোষ্টটোত কয় যে ‘আঢ়ৈ বছৰৰ বেছি সময় মই এন আৰ চিৰ সমন্বয়ক হৈ আছিলো। বেছ দীঘলীয়া সময়। আছুৰ নেতৃত্বই মোক এবাৰো লগ নকৰিলে। অথচ ময়েই এন আৰ চিৰ সকলো কেলেংকাৰী ফাদিল কৰিছিলো।প্ৰতীক হাজেলা সমন্বয়ক থাকোতে প্ৰায়েই সন্ধিয়া সমুজ্বল ভট্টাচাৰ্যই এন আৰ চি কাৰ্যালয়লৈ গৈছিল। কিহৰ বাবে? বজাৰৰ খবৰ, সমুজ্বল ভট্টাচাৰ্যই প্ৰতীক হাজেলাৰ পৰা কেলেংকাৰীৰ ভাগ হিচাবে মাহে ১৬ লাখ টকা লৈছিল। সত্যাসত্য নাজানো। কেলেংকাৰীৰ তদন্ত হ’লে হয়তো গম পোৱা যাব। কিন্তু এটা কথা সত্য যে হাজেলাই এন আৰ চিৰ পুনৰীক্ষণ বিচৰা নাছিল, সমুজ্বল ভট্টাচাৰ্যয়ো পৰিপুৰক তালিকা প্ৰকাশৰ আগলৈকে এন আৰ চিৰ পুনৰীক্ষণ বিচৰা নাছিল। একে নাওঁৰ যাত্ৰী?” অৱশ্যে এই গুৰুতৰ অভিযোগৰ সন্দৰ্ভত এই পৰ্যন্ত সমুজ্জ্বল ভট্টাচাৰ্যই প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই৷স্বাভাৱিকতে এন আৰ চিৰ দৰে এটা গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিষয় সন্দৰ্ভত NRC ৰ এজন প্ৰাক্তন সমন্বয়কে সমুজ্জ্বল ভট্টাচাৰ্যৰ বিৰুদ্ধে অনা গুৰুতৰ অভিযোগক লৈ ৰাজ্যবাসীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷


