নিউজ ডেক্স, ১৭ ফেব্ৰুৱাৰী,২০২৩ : ৱাইল্ডলাইফ কনজাৰভেচন ছ’চাইটি অৱ ইণ্ডিয়াৰ আমন্ত্ৰণক্ৰমে ১৫ ফেব্ৰুৱাৰীত গুৱাহাটীত পশ্চিমবঙ্গ, উৰিষ্যা, দিল্লী আৰু তামিলনাডুৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ পৰা উপস্থিত হোৱা বহু কেইজন সাংবাদিকে এক সাংবাদিক কৰ্মশালাত অংশ গ্ৰহণ কৰে । ভাৰতবৰ্ষত বন্য জীৱ – জন্ত্তৰ সুৰক্ষা দিয়া, বন্য জীৱৰ আবাস স্থল সমূহৰ ৰক্ষণাবেক্ষণ ঘটোৱাৰ লগতে বিজ্ঞান ভিত্তিক চিন্তাৰ বিকাশেৰে জীৱ-জন্ত্তৰ সংৰক্ষণাত্মক কাৰ্য্য সাধন, শিক্ষা আৰু প্ৰকৃতিৰ মূল উপলব্ধি জগাই তোলা আদি লক্ষ্যত সাধাৰণ লোকক উৎসাহ যোগাই তুলিবলৈ যোৱা দহ বছৰে এই অনুষ্ঠানে ৰাষ্ট্ৰভিত্তিক কাৰ্য্যসূচী পালন কৰি আহিছে । গুৱাহাটীৰ হোটেল পেলেচিঅ’ত আয়োজিত বন্য জন্ত্তৰ চোৰাং সৰবৰাহ প্ৰতিৰোধ শীৰ্ষক কাৰ্য্যসূচীত উত্তৰ পূৰ্বাঞ্চল আৰু পশ্চিমবঙ্গত বন্য-প্ৰাণীৰ চোৰাং সৰবৰাহৰ ব্যাপকতা বিষয়ক সামৰি লোৱা হয় । উত্তৰ পূৰ্বাঞ্চলৰ অসম, নগালেণ্ড, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়ৰ লগতে পশ্চিমবঙ্গ আৰু দিল্লী, উৰিষ্যা, তামিলনাডুৰ ভিন্ন বাতৰি সংস্থা আৰু ফ্ৰীলেন্স জাৰ্নেলিষ্ট সকলে ঘাইকৈ ভৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চল তথা পশ্চিমবঙ্গত চলি ৰোৱা বন্য জীৱ-জন্ত্তৰ চিকাৰ আৰু অবৈধ ব্যৱসায়ৰ বহুতো স্বাক্ষুস বৰ্ণনা দাঙি ধৰে । কাউণ্টাৰ ৱাইল্ডলাইফ ট্ৰেফিকিং কাৰ্য্যসূচীৰ মূৰব্বী উত্তৰা মেন্দিৰট্টাই কাৰ্য্যসূচীৰ পৰিচয় দাঙি ধৰি প্ৰকাশ কৰে যে বন্য প্ৰাণী বধ অথবা অবৈধ সৰবৰাহ আৰু ব্যৱসায় কৰি অহা কাণ্ডৰ প্ৰতিৰোধ গঢ়িবলৈ সাংবাদিক সকলে জনতাৰ মাজত সুস্থ মতাদৰ্শ প্ৰতিষ্ঠা আৰু উপযুক্ত ৰাজনৈতিক দৃষ্টি আদায় কৰাত মুখ্য ভূমিকা গ্ৰহণৰ প্ৰয়োজন আহি পৰিছে । আলোচনাৰ মাজত টাইমচ অৱ ইণ্ডিয়া কাকতৰ যুটীয়া সম্পাদক কৃষ্ণেন্দু মুখাৰ্জী, ফ্ৰীলেন্স জাৰ্নেলিষ্ট মায়ংক আগৰৱাল, জ্যেষ্ঠ স্বতন্ত্ৰ সাংবাদিক আনন্দ বেনাৰ্জীয়ে তথ্য, চৰকাৰী কৰ্তৃপক্ষ সমূহৰ কৰ্মৰ ধাৰা, বিপদাপন্ন জীৱকুলৰ প্ৰতি জনসাধাৰণৰ ধ্যান-ধাৰণা আদি বিষয়ৰ গুৰুত্বপূৰ্ণ উপস্থাপন আগবঢ়ায় । কেতবোৰ স্পৰ্শকাতৰ উপস্থাপন হিচাপে অবৈধ বন্যপ্ৰাণীৰ ব্যৱসায়ত আলোচক সকলে ভাৰতবৰ্ষ আৰু বহিঃদেশৰো ভিন্ন প্ৰজাতিৰ জীৱ জন্ত্তক অবৈধ সৰবৰাহৰ পথেদি অবৈধ ব্যৱসায় সম্প্ৰসাৰণ ব্যাপকতাৰ স্বৰূপ দাঙি ধৰে । এইক্ষেত্ৰত জীৱ-জন্ত্তৰ গাত কৃত্ৰিম ৰং ব্যৱহাৰ কৰা, স্থলপথ, জলপথ, ৰেলপথ আৰু আকাশী পথেৰেও সৰবৰাহৰ সুুযোগ উলিয়াই লোৱা তথা সীমান্ত পথ সমূহেদি সৰবৰাহ আৰু চোৰাং বেপাৰ সম্প্ৰসাৰিত হোৱাৰ প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ প্ৰয়োজন হৈছে । পৰস্পৰ প্ৰতিক্ৰিয়া প্ৰকাশ ধৰ্মী এক আলোচনাত জ্যেষ্ঠ সাংবাদিক বানো সাৰালোয়ে সাংবাদিকৰ ভূমিকা আৰু দায়ৱদ্ধ সংবাদ সেৱাৰ ওপৰত জোৰ দিয়াৰ লগতে কৃষ্ণেন্দু মুখাৰ্জীয়ে সংবাদ সেৱাত শিক্ষণ আৰু বন্য জন্ত্তৰ অবৈধ চোৰাং চিকাৰৰ বিষয়ে সংবাদ প্ৰস্ত্তত কৰাত থকা প্ৰত্যাহ্বানৰ বিষয়কো চুই যায় । “ডব্লিওচিএচ-ইণ্ডিয়া” ৰ ফালৰপৰা প্ৰস্ত্তত কৰা অবৈধ ব্যৱসায়ৰ ওপৰত “Surviving the Odds” নামৰ এখনি চুটি ছবিও প্ৰদৰ্শন কৰা হয় । সাংবাদিকৰ আলোচনা সভাত সম্প্ৰতি চলি ৰোৱা আৰু ক্ৰমাৎ বাঢ়ি অহা অবৈধভাৱে জীৱন্তে বন্দী কৰা জন্ত্ত, বন্য জীৱ-জন্ত্তৰ হত্যা আৰু উত্তৰ পূৰ্বাঞ্চলত আনুষ্ঠানিকভাৱেই জন্ত্তৰ চিকাৰ কৰিও বধ কৰাৰ প্ৰৱণতাৰ বিপৰীতে সাংবাদিক সকলে নিজস্ব চিন্তাৰ প্ৰতিফলন দাঙি ধৰে ।. কৰ্মশালাত উজনি অসমৰপৰা সাংবাদিক দেৱজিৎ বৰুৱা (যোৰহাট), ভাস্কৰজ্যোতি বৰগোহাঁই (শিৱসাগৰ) আৰু উত্তৰ অসমৰপৰা প্ৰফুল্ল কামান (ধেমাজি) য়ে অংশ গ্ৰহণ কৰে ।


