নিউজ ডেক্স,১৯ ফ্ৰেব্ৰুৱাৰী,২০২৩ : 
শিৱসাগৰৰ পানবেচাৰ খন্দকাৰ পীৰ চাহেবৰ দৰগাহত ১৯ ফ্ৰেব্ৰুৱাৰীত দৰগাহ পৰিচালনা সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত সমূহীয়া দোৱা আৰু ৰাজহুুৱা সভা অনুষ্ঠিত হয় ৷ এই উপলক্ষে দৰগাহ চৌহদত জাতি ধৰ্ম নিৰ্বিশেষে বহু লোকৰ সমাগম ঘটাৰ লগতে ৰাজহুৱা সভাত অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰেম গগৈ, সমাজকৰ্মী সৌৰভ চলিহা, শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদক সন্তোষ দত্ত, জেষ্ঠ সাংবাদিক মণিৰুল ইছলাম বড়াকে ধৰি বহু লোক উপস্থিত থাকে৷ উক্ত ৰাজহুৱা সভাত কবি প্ৰেম গগৈয়ে অসমৰ হিন্দু মুচলমানৰ ঐতিহাসিক সমণ্বয় আৰু সম্প্ৰীতিৰ ওপৰত এক সাৰুৱা ভাষণ প্ৰদান কৰি সকলোকে একতাৰ এনাজৰীডাল কটকটীয়া কৰিবৰ বাবে আহ্বান জনায়৷

