নিউজ ডেক্স, ২০ ফ্ৰেব্ৰুৱাৰী,২০২৩ : গিলেকী ৰঙাগড়াৰ ইনামূল হুছেইন ওৰফে বিটু নামৰ যুৱকজনক আটক কৰে আৰক্ষীয়ে।যোৱা নিশা নাজিৰাৰ গেলেকী আৰক্ষী থানাৰ সমীপতে এখন ASO4-Z-8988 নম্বৰৰ TVS SCOOTY লৈ ড্ৰাগছ সহ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে ইনামূল হুছেইন নামৰ যুৱক জনক।লগে লগে স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে। আৰু গেলেকী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত অভিজিত কোঁৱৰ উপস্থিত হৈ আটক কৰে যুৱক জনক।ধৃত ইনামূল হুছেইনৰ পৰা 2.43 গ্ৰাম সন্দেহজনক ব্ৰাউন চুগাৰ সদৃশ দ্ৰব্য ,দুটা চাদা টেমা,দুটা খালী কনটেনাৰ, এটা মবাইল ফ’ন আৰু নগদ কিছু টকা উদ্বাৰ কৰা লগতে ASO4-Z-8988 নম্বৰৰ TVS SCOOTY খন জব্দ কৰে।
ইতিমধ্যে গেলেকী আৰক্ষীয়ে ধৃত যুৱক জনক গ্ৰেপ্তাৰ কৰা লগতে জেৰা অব্যাহত ৰাখিছে। এই ড্ৰাগছ সৰবৰাহ চক্ৰটোৰ লগত জড়িত বহু কেইজন যুৱক আটক হোৱাৰ সম্ভাৱনা আছে।

