নিউজ ডেক্স,২০ ফ্ৰেব্ৰুৱাৰী, ২০২৩ : নাজিৰা মেচাগড়ৰৰ এগৰাকী বোৱাৰীৰ বিশেষ সফলতা ।ইচ্ছা কৰিলে নাৰীয়ে কি কৰিব নোৱাৰে ! আজিৰ নাৰীয়ে পুৰুষৰ সমানেই খোজ মিলাই আগবাঢ়িব পাৰে, নিজকে সমাজত প্ৰতিষ্ঠা কৰিব পাৰে। জীৱনৰ ঘাট-প্ৰতিঘাট, সাংসাৰিক সমস্যাকে ধৰি জীৱনলৈ অহা হাজাৰটা ঘাত প্ৰতিঘাত তথা প্ৰত্যাহ্বান নেওচি আজিৰ নাৰীয়ে সকলো ক্ষেত্ৰতে নিজকে প্ৰতিস্থিত হবলৈ সক্ষম হৈছে। আজি আমি আপোনালোকক ক’ব খুজিছো তেনে এগৰাকী নাৰীৰ বিশেষ সফলতাৰ কিছু কথা। এই গৰাকী মহিলা হৈছে নাজিৰাৰ মেচাগড়ৰ বোৱাৰী পিংকিমণি গগৈ বৰগোঁহাই। বিবাহ পাশত আৱদ্ধ হোৱাৰ পাছতো তথা সন্তান থকাৰ পাছতো এই গৰাকী বোৱাৰীয়ে আজি স্ব- প্ৰতিভাৰে উজ্বলি উঠিছে। উত্তৰ প্ৰদেশৰ বাৰানসীত অনুষ্ঠিত হোৱা পঞম নেচনেল মাষ্টাৰ গেইমছত তিনিটাকৈ পদক অৰ্জন কৰি নাজিৰাৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। ফেব্ৰুৱাৰী মাহৰ ১১ তাৰিখৰ পৰা ১৪ তাৰিখলৈ অনুষ্ঠিত হোৱা খেল খনত প্ৰতিনিধিত্ব কৰা প্ৰায় ২৩ খন ৰাজ্যৰ ভিতৰত অসমৰ এইগৰাকী বোৱাৰী সৰ্বমুঠ ৩ টাকৈ পদক লাভ কৰিবলৈ সক্ষম হৈছে। তাৰে ভিতৰত 100 মিটাৰ দৌৰত প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হোৱাৰ লগতে লং জাম্প আৰু হাই জাম্পত ক্ৰমে দ্বিতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে ।
Breaking News
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই


ইচ্ছা কৰিলে নাৰীয়ে কি কৰিব নোৱাৰে ! আজিৰ নাৰীয়ে পুৰুষৰ সমানেই খোজ মিলাই আগবাঢ়িব পাৰে, নিজকে সমাজত প্ৰতিষ্ঠা কৰিব পাৰে। জীৱনৰ ঘাট-প্ৰতিঘাট, সাংসাৰিক সমস্যাকে ধৰি জীৱনলৈ অহা হাজাৰটা ঘাত প্ৰতিঘাত তথা প্ৰত্যাহ্বান নেওচি আজিৰ নাৰীয়ে সকলো ক্ষেত্ৰতে নিজকে প্ৰতিস্থিত হবলৈ সক্ষম হৈছে। আজি আমি আপোনালোকক ক’ব খুজিছো তেনে এগৰাকী নাৰীৰ বিশেষ সফলতাৰ কিছু কথা। এই গৰাকী মহিলা হৈছে নাজিৰাৰ মেচাগড়ৰ বোৱাৰী পিংকিমণি গগৈ বৰগোঁহাই। বিবাহ পাশত আৱদ্ধ হোৱাৰ পাছতো তথা সন্তান থকাৰ পাছতো এই গৰাকী বোৱাৰীয়ে আজি স্ব- প্ৰতিভাৰে উজ্বলি উঠিছে। উত্তৰ প্ৰদেশৰ বাৰানসীত অনুষ্ঠিত হোৱা পঞম নেচনেল মাষ্টাৰ গেইমছত তিনিটাকৈ পদক অৰ্জন কৰি নাজিৰাৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। ফেব্ৰুৱাৰী মাহৰ ১১ তাৰিখৰ পৰা ১৪ তাৰিখলৈ অনুষ্ঠিত হোৱা খেল খনত প্ৰতিনিধিত্ব কৰা প্ৰায় ২৩ খন ৰাজ্যৰ ভিতৰত অসমৰ এইগৰাকী বোৱাৰী সৰ্বমুঠ ৩ টাকৈ পদক লাভ কৰিবলৈ সক্ষম হৈছে। তাৰে ভিতৰত 100 মিটাৰ দৌৰত প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হোৱাৰ লগতে লং জাম্প আৰু হাই জাম্পত ক্ৰমে দ্বিতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে ।