নিউজ ডেস্ক, ২০ ফ্ৰেব্ৰুৱাৰী,২০৩৩ : আজি অৰ্থাৎ ২০ ফেব্ৰুৱাৰী,২০২৩ ৰ পৰা ৰাজ্যত আৰম্ভ হ’ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। এইবাৰৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে মুঠ ৩ লাখ ৪২ হাজাৰ ৮৬৯ গৰাকী পৰীক্ষাৰ্থী ৷ ৰাজ্যৰ মুঠ ৮৫৬ টা কেন্দ্ৰত অনুষ্ঠিত হোৱা এই পৰীক্ষাত কলা শাখাত ২ লাখ ৭২ হাজাৰ ৫২৯, বিজ্ঞান শাখাত ৪৭ হাজাৰ ৪৬৫, বাণিজ্য শাখাত ২০,৯০৭ আৰু বৃত্তিগত শাখাত ১,৯৪৮ গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছে এই উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অহা ২০ মাৰ্চত অন্ত পৰিব ।
এইবাৰৰ পৰীক্ষাৰ্থীয়ে পৰীক্ষাৰ প্ৰশ্নকাকত পঢ়িবলৈ অতিৰিক্ত ১০ মিনিট সময় দিয়াৰ লগতে বিগত বৰ্ষ সমূহৰ দৰে পৰীক্ষা কেন্দ্ৰত মোবাইল, ইলেকট্ৰনিক ঘড়ী, কেলকুলেটাৰ আদি সকলো ইলেকট্ৰনিক সামগ্ৰী নিষিদ্ধ কৰা হৈছে আৰু প্ৰতি পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ সময়ত ১৪৪ ধাৰা জাৰি কৰা হৈছে ৷ শিৱসাগৰ জিলাৰ ৪২ টা পৰীক্ষা কেন্দ্ৰত এইবাৰ মুঠ ৭৮৪৬ গৰাকী ছাত্ৰছাত্ৰী উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱৰ্তীণ হৈছে৷

