নিউজডেক্স, ফ্ৰেব্ৰুৱাৰী ২৭, ২০২৩: পৃথিৱীৰ বিভিন্ন অঞ্চলৰ লগতে অসমতো হাতী-মানুহৰ সংঘাত আৰু জৈৱবৈচিত্ৰৰ সংৰক্ষণ দুই বৃহৎ প্ৰত্যাহ্বান হিচাপে ঠিয় দিছে । এই সন্দৰ্ভত স্বেচ্ছাসেৱী সংগঠন আৰণ্যকে যোৱা দেওবাৰে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ত সংবাদ মাধ্যমৰ সৈতে এক মত বিনিময় কাৰ্যসূচী অনুষ্ঠিত কৰে । বন্য প্ৰাণীৰ খাদ্যৰ অভাব আৰু বনাঞ্চলৰ দ্ৰুত হ্ৰাস হাতী-মানুহৰ সংঘাতৰ এক অন্যতম কাৰণ হিচাপে চিহ্নিত কৰা হয় । আৰণ্যকৰ জ্যেষ্ঠ বিজ্ঞানী বিভূতি লহকৰে স্লাইডৰ জড়িয়তে অসমৰ বিভিন্ন অঞ্চলত হাতী-মানুহৰ সংঘাত দুৰ কৰিবলৈ সংগঠনটোৱে কি কি কাৰ্যপন্থা হাতত লৈছে সেই বিষয়ে বিতংকৈ আলোচনা কৰে । তেওঁ উল্লেখ কৰা মতে, ২০১৮-২০২২ বৰ্ষত তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, মাজুলী আৰু চৰাইদেউ জিলাত হাতী-মানুহৰ সংঘাতৰ ফলত এঘাৰ টা হাতীৰ মৃত্যু হৈছিল । আনহাতে সেই সময়ছোৱাত এই জিলা কেইখনত হাতী-মানুহৰ সংঘাতৰ পৰিণতিত তেৰ জন লোকৰ প্ৰাণ হানি হৈছিল । সমস্যাটোৰ ভয়াবহতালৈ চাই হাতী, মানুহৰ মৃত্যুৰ সংখ্যাটো বেচৰকাৰী তথ্য মতে আৰু অধিক হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি । আৰণ্যকৰ তৰফৰ পৰা হাতী-মানুহৰ সংঘাত দুৰ কৰা আৰু জৈৱবৈচিত্ৰৰ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমক এক শক্তিশালী ভূমিকা পালন কৰিবলৈ আহ্বান জনোৱা হয় । শিৱসাগৰ কমাৰ্চ কলেজৰ অসমীয়া বিভাগৰ জনসংযোগ কেন্দ্ৰ আৰু শিৱসাগৰৰ সাংবাদিক সমাজৰ সহযোগত অনুষ্ঠিত হোৱা এই মত বিনিময় কাৰ্যসূচীত জ্যেষ্ঠ সাংবাদিক মনোজ বৰঠাকুৰ, ভৈৰৱ মুণ্ডা, শিৱকান্ত গগৈৰ লগতে ছাত্র-ছাত্ৰী সহ আন বহু লোক উপস্থিত থাকে 



Breaking News
- নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
- নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্যাপন
- প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
- দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
- নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
- যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
- তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
- চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :

