নিউজ ডেক্স, ২৭ ফ্ৰেব্ৰুৱাৰী,২০২৩ : সমগ্ৰ ৰাজ্যৰ লগতে নাজিৰাতো ৰাজ্যিক কৰ্মচাৰী সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি সদৌ অসম কৰ্মচাৰী পৰিষদে নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত এখনি প্ৰতিবাদী সভাৰ আয়োজন কৰে। নতুন পেঞ্চন ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ বাহাল কৰা, ৰাজ্যিক কৰ্মচাৰীৰ বিনামূলীয়া চিকিৎসাসেৱা আঁচনি কাৰ্যকৰী কৰা , শিক্ষকৰ আৰ্জিত ছুটি বৃদ্ধি, বিভিন্ন বিভাগৰ কনিষ্ঠ অভিযন্তাক এক্স-কেডাৰ পদ সৃষ্টিৰে পদোন্নতি দিয়া, সকলো বিভাগৰ চাকৰিৰ সেৱাবিধি প্ৰস্তুত কৰা, দৰমহা সংশোধনীৰ পূৰ্বে ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মচাৰীসকলে লাভ কৰা ফিক্সড টি এ আদায় দিয়া আদিকে ধৰি মুঠ ২১ দফীয়া দাবীৰে প্ৰতিবাদী সভা অনুস্থিত কৰাৰ লগতে নাজিৰা মহকুমাধিপতিৰ জৰিয়তে চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আলোচনাৰ মাধ্যমেৰে কৰ্মচাৰীসকলৰ সমস্যা সমূহ সমাধান কৰিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান জনায় নাজিৰা জিলা কৰ্মচাৰী পৰিষদৰ হৈ সভাপতি প্ৰশান্ত কোঁৱৰ আৰু সাধাৰণ সম্পাদক দিলীপ দত্তই।



