নিউজ ডেক্স,৮ মাৰ্চ, ২০২৩: আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে নাজিৰা মহকুমা প্ৰশাসনৰ:মহিলা কোষৰ উদ্যোগত আজি নাজিৰা মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত “এমব্ৰেচ ইকুইটী”(Embrace Equity) শীৰ্ষক এখন সভা আয়োজন কৰা হয়।
নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুষী জৈনৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই সভাত নাজিৰা মহকুমা প্ৰশাসনৰ সহকাৰী আয়ুক্ত সকল, বিভিন্ন বিভাগৰ মহিলা মুৰব্বী বিষয়া সকল, বিশিষ্ট মহিলা সমাজ কৰ্মী সকল, নাজিৰা আৰু শিমলুগুৰি পৌৰসভাৰ মহিলা ৱাৰ্ড কমিছনাৰ সকল, নগৰীয়া আৰু গ্ৰাম্য অভিযান, বেচৰকাৰী প্ৰতিষ্ঠান সমূহত নিয়োজিত মহিলা সকল, অংগনৱাড়ী কর্মী সকল, মহিলা চাফাই কৰ্মী সকল, বিভিন্ন বিদ্যালয়ৰ শিক্ষয়িত্ৰী সকল আৰু নাজিৰা মহকুমা প্ৰশাসনৰ কৰ্মচাৰী সকলে অংশ গ্ৰহণ কৰে। উপস্থিত বহু কেইগৰাকী মহিলাই নাৰী দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে গীত, কবিতা আবৃত্তি আদি পৰিবেশন কৰে।
মহকুমাধিপতি আয়ুষী জৈনে নিজৰ আদৰণি ভাষণত সভাত উপস্থিত সকলোকে নাৰী দিৱসৰ লগতে ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰি কয় যে, “বৰ্তমান সময়ত মহিলা সকল সকলো ক্ষেত্ৰতে আগবাঢ়ি আহিছে আৰু আৰ্থিক স্বাৱলম্বীতাই তেওঁলোকক আৰু অধিক শক্তিশালী কৰি তুলিব । গতিকে মহিলাসকলে নিজকে স্বাৱলম্বী কৰাত গুৰুত্ব আৰোপ কৰিব লাগে ।” এই সভাত বিভিন্ন ক্ষেত্ৰত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা মহিলা সকলক মহকুমাধিপতি আয়ুষী জৈনে একোটাকৈ গছ পুলি প্ৰদান কৰে। 




