নিউজ ডেক্স, ৯ মাৰ্চ,২০২৩: নাজিৰা নগৰত অত্যাধিক হাৰত পৌৰ কৰ বৃদ্ধিৰ বাবে নাজিৰা পৌৰসভাই চলোৱা প্ৰচেষ্টাৰ প্ৰতিবাদত যোৱা পাঁচ মাৰ্চত নাজিৰা নাট্য মন্দিৰৰ প্ৰাঙ্গণত অনুষ্ঠিত হোৱা বৃহৎ ৰাজহুৱা সভাৰ প্ৰস্তাৱ মৰ্মে আজি নাজিৰা মহকুমাধিপতিৰ কাৰ্যালয়ৰ যোগেদি বৰ্দ্ধিত পৌৰ কৰ প্ৰত্যাহাৰৰ দাবীত অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয়৷ এই স্মাৰকপত্ৰৰ প্ৰতিলিপি ৰাজ্যৰ পৌৰ প্ৰশাসন মন্ত্ৰী অশোক সিংঘাল, স্থানীয় সাংসদ তপন গগৈ, বিধায়ক দেৱব্ৰত শইকীয়া আৰু নাজিৰা পৌৰসভাৰ সভানেত্ৰী বৰ্ণালী চেতিয়াকো প্ৰদান কৰা হয়৷ স্মাৰকপত্ৰ প্ৰদানৰ সময়ত নাজিৰা পৌৰসভাৰ সভানেত্ৰীয়ে কয় যে পৌৰকৰ বৃদ্ধিৰ চূড়ান্ত সিদ্ধান্ত এতিয়াও লোৱা হোৱা নাই আৰু এইক্ষেত্ৰত ৰাইজৰ মতামতক গুৰুত্ব সহকাৰে লোৱা হব যদিও চৰকাৰে পৌৰকৰ বৃদ্ধি নকৰিলে ১৫ তম বিত্তীয় আয়োগৰ অনুদান বন্ধ কৰাৰ কথা কোৱাৰ বাবেই পৌৰসভাই পৌৰকৰ বৃদ্ধিৰ প্ৰচেষ্টা চলাবলগীয়া হৈছে ৷
Breaking News
- নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
- নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্যাপন
- প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
- দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
- নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
- যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
- তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
- চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :

