নিউজ ডেক্স, ৯ মাৰ্চ,২০২৩: নাজিৰা নগৰত অত্যাধিক হাৰত পৌৰ কৰ বৃদ্ধিৰ বাবে নাজিৰা পৌৰসভাই চলোৱা প্ৰচেষ্টাৰ প্ৰতিবাদত যোৱা পাঁচ মাৰ্চত নাজিৰা নাট্য মন্দিৰৰ প্ৰাঙ্গণত অনুষ্ঠিত হোৱা বৃহৎ ৰাজহুৱা সভাৰ প্ৰস্তাৱ মৰ্মে আজি নাজিৰা মহকুমাধিপতিৰ কাৰ্যালয়ৰ যোগেদি বৰ্দ্ধিত পৌৰ কৰ প্ৰত্যাহাৰৰ দাবীত অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয়৷ এই স্মাৰকপত্ৰৰ প্ৰতিলিপি ৰাজ্যৰ পৌৰ প্ৰশাসন মন্ত্ৰী অশোক সিংঘাল, স্থানীয় সাংসদ তপন গগৈ, বিধায়ক দেৱব্ৰত শইকীয়া আৰু নাজিৰা পৌৰসভাৰ সভানেত্ৰী বৰ্ণালী চেতিয়াকো প্ৰদান কৰা হয়৷ স্মাৰকপত্ৰ প্ৰদানৰ সময়ত নাজিৰা পৌৰসভাৰ সভানেত্ৰীয়ে কয় যে পৌৰকৰ বৃদ্ধিৰ চূড়ান্ত সিদ্ধান্ত এতিয়াও লোৱা হোৱা নাই আৰু এইক্ষেত্ৰত ৰাইজৰ মতামতক গুৰুত্ব সহকাৰে লোৱা হব যদিও চৰকাৰে পৌৰকৰ বৃদ্ধি নকৰিলে ১৫ তম বিত্তীয় আয়োগৰ অনুদান বন্ধ কৰাৰ কথা কোৱাৰ বাবেই পৌৰসভাই পৌৰকৰ বৃদ্ধিৰ প্ৰচেষ্টা চলাবলগীয়া হৈছে ৷
Breaking News
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই

