নিউজ ডেক্স, ২১ মাৰ্চ ২০২৩ : শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা প্ৰাচীন কীৰ্তি চিহ্ন সমূহ বেদখলমুক্ত আৰু উপযুক্ত সংৰক্ষণ কৰিবলৈ দাবী জনাই শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তি চিহ্ন সংৰক্ষণ সমিতিয়ে আজি শিৱসাগৰ জিলা উপায়ুক্তক কেইবাটাও দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে। সভাপতি সুশীল বৰুৱা আৰু সম্পাদক মনোজ কুমাৰ গগৈৰ স্বাক্ষৰিত স্মাৰক পত্ৰত উল্লেখ কৰা অন্যান্য দাবী সমূহ হ’ল: (১) শিৱসাগৰ জিলা প্ৰশাসনে ২০১৪ চনৰ ১ জুলাইৰ দিনা তথা ” শিৱসাগৰ দিৱস ” ৰ উপলক্ষে তদানীন্তন উপায়ুক্ত এছ এছ মিনাক্ষী সুন্দৰম দেৱৰ কাৰ্যকালত তথ্য সম্বলিত এখন পুস্তিকা প্ৰকাশ কৰা হৈছিল। এই পুস্তিকা খনত শিৱসাগৰ জিলাৰ ( বৰ্তমানৰ শিৱসাগৰ আৰু চৰাইদেউ – এই দুয়োখন জিলা সামৰি ) ৫৫১ টা প্ৰাচীন কীৰ্তি চিহ্ন ( কিছুমান সংৰক্ষিত / কিছুমান অসংৰক্ষিত ) চিহ্নিত কৰা হৈছিল। ইয়াৰে বৰ্তমান শিৱসাগৰ জিলাত অসংৰক্ষিত হৈ থকা সকলো প্ৰাচীন কীৰ্তি চিহ্ন চৰকাৰীভাৱে বেদখল মুক্ত কৰি সংৰক্ষণ কৰিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। (২) গড়কাপ্টানী বিভাগ তথা লোক নিৰ্মাণ বিভাগে শিৱসাগৰ জিলাৰ অন্তৰ্গত কেইবাটাও প্ৰাচীন কীৰ্তি চিহ্ন স্থানত মাটি পেলাই বাট – পথ উন্নয়ন কৰা তথা বহল কৰিছে। এই কাৰ্যৰ পৰা উল্লেখিত বিভাগটোক বিৰত থাকিবলৈ জিলা উপায়ুক্তই নিৰ্দেশ প্ৰদান কৰিব লাগে।(৩)শিৱসাগৰ জিলাত থকা সকলো ( সংৰক্ষিত আৰু অসংৰক্ষিত ) প্ৰাচীন কীৰ্তি চিহ্ন সমূহৰ স্থানত চমু তথ্য ৰাজি উল্লেখ কৰি নাম ফলক স্থাপন কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।(৪) শিৱসাগৰ জিলাৰ অন্তৰ্গত সকলো প্ৰাচীন কীৰ্তি চিহ্ন ( বৰ্তমান কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ অন্তৰ্গত প্ৰাচীন কীৰ্তি চিহ্ন সমূহক বাদ দি ) ৰাজ্যিক পুৰাতত্ব বিভাগৰ অন্তৰ্গত কৰিব লাগে। (৫ ) অসম তাই যাদুঘৰ সৌন্দৰ্য্য বৰ্ধন কৰিবলৈ আৰু অসম তাই যাদুঘৰৰ কাৰ্যক্ষম অধিক সক্ৰিয় কৰি তোলাৰ স্বাৰ্থত গঠন হৈ থকা সমিতি খনৰ সদস্য সকলক লৈ এখন সভা আহ্বান কৰিব লাগে (৬)ৰাজ্যিক পুৰাতত্ব বিভাগ আৰু কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ শিৱসাগৰ জিলা বিষয়া সকলৰ উপস্থিতিত জিলা খনৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আৰু বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতিত প্ৰত্যেক মাহে কেৱল প্ৰাচীন কীৰ্তি চিহ্ন সমূহ উন্নয়ন কৰাৰ স্বাৰ্থত জিলা পৰ্যায়ত এখন কৈ সভা অনুষ্ঠিত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।(৭)প্ৰাচীন কীৰ্তি চিহ্ন সমূহ মেৰামতি কৰোঁতে ৰাসায়নিক দ্ৰব্য সংমিশ্ৰিত ৰং ব্যৱহাৰ নকৰিবলৈ আৰু চৰকাৰী ধন সঠিক ৰূপত ব্যৱহাৰ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। স্মাৰক পত্ৰ প্ৰদান অনুষ্ঠাত প্ৰফুল্ল চন্দ্ৰ গগৈ, প্ৰদীপ গগৈ, ভূৱন চেতিয়া, প্ৰদীপ সন্দিকৈ, দিগন্ত ৰাজকোঁৱৰ , স্নিগ্ধা নয়না চেতিয়া আদি কেইবাগৰাকী শিৱসাগৰ জিলা প্ৰাচীন কীৰ্ত্তি চিহ্ন সংৰক্ষণ সমিতিৰ বিষয় ববীয়া উপস্থিত থাকে।

Breaking News
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই

