নিউজ ডেক্স,২৬ মাৰ্চ,২০২৩: বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হৈছে অসম কন্যা লাভলীন বৰগোঁহায়ে।৭৫ কিলো শাখাত স্বৰ্ণ জয় কৰিলে লাভলীনাই।
২৬ মাৰ্চ অৰ্থাৎ দেওবাৰে দিল্লীত অনুষ্ঠিত হোৱা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত অলিম্পিক পদক বিজয়ী লভলিনা বৰগোহাঁয়ে বিশ্ব খিতাপ দখল কৰে। লাভলীনাই আজি ফাইনেল খেল খনত অষ্ট্ৰেলিয়াৰ এনি পাৰ্কাৰ মুখামুখি হয়। দুগৰাকী বক্সাৰে দুৰ্দান্ত খেল প্ৰদৰ্শন কৰে।
প্ৰথম ৰাউণ্ডত লাভলীনাই সৰ্বোচ্চ পইণ্ট পাই আগবাঢ়িছিল যদিও দ্বিতীয় ৰাউণ্ডত পিছ পৰিব লগীয়া হৈছিল অষ্ট্ৰেলিয়াৰ এনি পাৰ্কাৰ দ্বাৰা।কিন্তু অন্তিম তথা ফাইনেল ৰাউণ্ডত লাভলীনাই দুৰ্দান্ত খেল প্ৰদৰ্শন কৰি স্বৰ্ণ পদক নিজৰ কৰিবলৈ সক্ষম হয়। ইতিপূৰ্বে লাভলীনাই বিশ্ব মহিলা বক্সিংত দুবাৰকৈ ব্ৰঞ্জৰ পদক জয় কৰিবলৈ সক্ষম হৈছিল।

