নিউজ ডেক্স, ৩১ মাৰ্চ, ২০২৩ : অহা এক এপ্ৰিলৰ পৰা ৰাজ্যত বৃদ্ধি হ’ব বিদ্যুত্ ফিক্সড চাৰ্জ । এতিয়াৰে পৰা বিভিন্ন শ্ৰেণীৰ প্ৰতিজন বিদ্যুত্ গ্ৰাহকে প্ৰতিমাহে প্ৰতি kw/kvত ফিক্সড চাৰ্জ হিচাপে অতিৰিক্ত মাচুল ১০ টাকাকৈ ভৰিব লাগিব। ৰাজহ বৃদ্ধিৰ স্বাৰ্থত এইবাৰ অসম বিদ্যুত্ নিয়ামক আয়োগে বৃদ্ধি কৰিছে প্রতি কিলোৱাট/ কেভিত বিদ্যুত্ মাচুলৰ ফিক্সড চার্জ। এতিয়াৰ পৰা ৰাজ্যৰ বিদ্যুত্ গ্ৰাহকে প্রতি মাহে প্রতি কিলোৱাট/ কেভিত ফিক্সড চার্জ হিচাপে অতিৰিক্ত ১০ টকাকৈ দিব লাগিব ৷ অসম বিদ্যুত্ বিতৰণ কোম্পানীয়ে ৰাজহ বৃদ্ধিৰ স্বাৰ্থত কৰা প্ৰস্তাৱৰ ভিত্তিত অসম বিদ্যুত্ আয়োগে এই মাচুল বৃদ্ধিত অনুমোদন জনাইছে। বিদ্যুত্ গ্রাহকে পূর্বে ফিক্সড চাৰ্জৰ বাবদ প্ৰায় ১২০ টকা পৰিশোধ কৰি আহিছিল আৰু এতিয়াৰে পৰা প্ৰতি প্ৰতি kw/kvত ১০ টকাকৈ অতিৰিক্ত মাচুল আদায় দিব লাগিব।
অসম বিদ্যুত্ নিয়ামক আয়োগে প্ৰকাশ কৰা জাননী অনুসৰি, APGCL, AEGCL আৰু APDCL ত এই নতুন বিদ্যুত্ নিধি ১ এপ্ৰিলৰ পৰা কাৰ্যকাৰী হোৱাকৈ সংশোধন কৰে।APDCL য়ে প্ৰতি ইউনিটত মাহে ১ ৰ পৰা ৩ টকা পৰ্যন্ত মাচুল বৃদ্ধিৰ প্ৰস্তাৱ দিছিল যদিও অসম বিদ্যুত্ নিয়ামক আয়োগে এই বিদ্যুত্ মাচুল বৃদ্ধিৰ আবেদনৰ প্ৰস্তাৱ নাকচ কৰে।ইয়াৰ পৰিৱৰ্তে অসম বিদ্যুত্ নিয়ামক আয়োগে ২০২২-২৩ বৰ্ষৰ তুলনাত ১.২% বিদ্যুত্ মাচুল হ্ৰাসৰহে অনুমোদন জনাই। যাৰ বাবে সকলো শ্ৰেণীৰ এনাৰ্জী চাৰ্জৰ বাবে প্ৰতি ইউনিটত ১০ ৰ পৰা ২০ পইচা পৰ্যন্ত হ্ৰাস পাব।এতিয়া ২০২৩- ২৪ বিত্তীয় বৰ্ষৰ কাৰণে গড় যোগানৰ মূল্য প্রতি ইউনিটত ৮.০২ টকা হৈছে যি ২০২২-২৩ বিত্তীয় বৰ্ষৰত ৮.১৪ টকা আছিল।

