নিউজ ডেক্স, ১ এপ্ৰিল,২০২৩ : বৰ্তমান ইচলাম সম্প্ৰদায়ৰ লোক সকলৰ মাজত চলি আছে পৱিত্ৰ ৰমজান মাহ। পৱিত্ৰ ৰমজান মাহৰ এই সময় খিনিত নিজৰ লগতে সমাজৰ মঙ্গলৰ বাবে ইছলাম সম্প্ৰদায়ৰ লোক সকলে পালন কৰে ৰোজা । তেওঁলোকে ৰোজা পালন কৰি দিনটোৰ শেষত সন্ধিয়া সকলো মিলি গ্ৰহণ কৰে ইফতাৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মছ্জিদ সমূহৰ সমান্তৰালকৈ নাজিৰাৰ সদৰ মছ্জিদটো স্থানীয় সমূহ ইচলাম সম্প্ৰদায়ৰ লোক সকল লগ লাগি একে লগে কৰি আহিছে ইফতাৰ। তাৰে মাজতে যোৱা ৩১ মাৰ্চত নাজিৰাৰ জেষ্ঠ চিকিৎসক প্ৰদুৎ কোঁৱৰে হিন্দু মুছলমানৰ মাজৰ সম্প্ৰীতীৰ এনাজৰী কটকটীয়া কৰাৰ মানসেৰে নাজিৰাৰ সদৰ মছজিদ প্ৰদান কৰিলে ইফতাৰ। নাজিৰা সদৰ মছ্জিদ প্ৰাংগণত ইচলাম সম্প্ৰদায়ৰ সমান্তৰালকৈ হিন্দু ধৰ্মৰ বহু ব্যক্তিয়ে ইফতাৰ অনুষ্ঠানত অংশ লৈ সম্প্ৰীতিৰ এক উজ্বল নিদৰ্শন ডাঙি ধৰে৷


