নিউজ ডেক্স, ৫ এপ্ৰিল,২০২৩ : সমগ্ৰ অসমৰ লগতে নাজিৰা নগৰতো অস্বাভাৱিক হাৰত পৌৰকৰ বৃদ্ধি কৰা কাৰ্য্যৰ প্ৰতিবাদত বিগত ৫ মাৰ্চত নাজিৰা নাট্য মন্দিৰৰ প্ৰাঙ্গণত অনুষ্ঠিত হোৱা নাগৰিক সভাই যোৱা ৯ মাৰ্চত অসমৰ মুখ্যমন্ত্ৰী, নগৰ উন্নয়ন মন্ত্ৰী, নাজিৰাৰ মহকুমাধিপতি আৰু পৌৰ সভানেত্ৰীক পৌৰকৰ অস্বাভাৱিক বৃদ্ধি হ্ৰাস কৰাৰ দাবীত স্মাৰক পত্ৰ প্ৰদান কৰাৰ পিছত আজি পুনৰ অত্যাধিক পৌৰকৰ বৃদ্ধিৰ প্ৰস্তাৱ প্ৰত্যাহাৰৰ দাবীৰে নাজিৰা পৌৰসভাৰ সভানেত্ৰী বৰ্ণালী চেতিয়াক স্মাৰকপত্ৰ প্ৰদান কৰাৰ লগতে নাজিৰাৰ মহকুমাধিপতি আয়ুষী জৈনক স্মাৰকপত্ৰৰ প্ৰতিলিপি প্ৰদান কৰা হয় ৷
উল্লেখ্য যে অসম চৰকাৰে ইতিমধ্যে একৰ পৰা পছিশ শতাংশলৈকে পৌৰকৰ বৃদ্ধিৰ বাবে পৌৰ কৰ্তৃপক্ষক অনুমতি প্ৰদান কৰাৰ পিছত অসমৰ বিভিন্ন স্থানৰ পৌৰ নিকায় সমূহে স্থান ভেদে ভিন ভিন হাৰত পৌৰকৰ পৰিমাণ নিৰ্দ্ধাৰণৰ প্ৰচেষ্টা চলাইছে যদিও নাজিৰা পৌৰসভাই আজিৰলৈকে এইক্ষেত্ৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই আৰু চলিত এপ্ৰিল মাহৰ ভিতৰতে পৌৰকৰ বৃদ্ধিৰ সিদ্ধান্ত ৰাইজক অৱগত কৰিব বুলি পৌৰ সভানেত্ৰী বৰ্ণালী চেতিয়াই অৱগত কৰে ৷
0
0
