নিউজ ডেক্স,২২ এপ্ৰিল,২০২৩ : আজি নাজিৰাত নাজিৰা ব্লক কংগ্ৰেছ কমিটী আৰু ভাৰতীয় জাতীয় ছাত্ৰ ইউনিয়ন ৰাজ্যিক কমিটিৰ উদ্যোগত দিনযোৰা কাৰ্য্যসূচীৰে উদ্যাপন কৰা হয় অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ ২৭তম মৃত্যু বাৰ্ষিকী।
অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ ২৭তম মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ সমাধিস্থলত সৰ্বধৰ্ম প্ৰাৰ্থনা,দিহানাম পৰিৱেশন,কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহকুমা চিকিৎসালয়ত ৰোগীসকলৰ মাজত ফল-মূল বিতৰণ আৰু নাজিৰাৰ এম.চি.ক্লাৱত সদৌ অসম ভিত্তিত দ্বিতীয় বাৰ্ষিক যুক্তিনিনাদ তৰ্ক প্ৰতিযোগিতা অনুস্থিত হয়৷এই অনুষ্ঠানত নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া,নাজিৰাৰ প্ৰাক্তন বিধায়িকা হেমপ্ৰভা শইকীয়া লগতে আন বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

