নিউজ ডেক্স, ২৫ এপ্ৰিল,২০২৩ : নাজিৰা মিলন ক্লাৱ প্ৰাঙ্গণত ২৪ এপ্ৰিলত ওপৰ নাজিৰা যুৱক সকলৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত ইছলাম ধৰ্মালম্বী লোকসকলে দিনযোৰা কাৰ্য্যসূচীৰে পৱিত্ৰ মেহফিল-এ-ঈদ উদ্যাপন কৰে। পুৱাৰ ভাগত সামাজিক দোৱা আৰু কেৰাত পাঠ অনুষ্ঠানেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত দিনৰ ভাগত নাটে ৰছুল প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, মুৰ্দা গোচল প্ৰতিযোগিতা, কছিদা আৰু জিকিৰ প্ৰতিযোগিতা ইত্যাদিকে ধৰি বহুকেইটা অনুষ্ঠান তথা প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। সন্ধিয়ালৈ সাংস্কৃতি অনুষ্ঠানৰ লগত সংগতি ৰাখি হজলৈ যোৱা ব্যক্তি সকলক সম্বৰ্ধনা জনোৱা হয়। বিগত বহু বছৰৰ পৰাই ওপৰ নাজিৰা অঞ্চলত পৱিত্ৰ ঈদৰ পাছতে ইছলাম ধৰ্মালম্বী লোক সকলে আৰম্বনাপূৰ্ণ ভাৱে “মেহফিল-এ-ঈদ” অনুষ্ঠানটি উদ্যাপন কৰি আহিছে।



