নিউজ ডেক্স, ২৫ এপ্ৰিল, ২০২৩: আজি শিৱসাগৰ জিলাত প্ৰথম বাৰৰ বাবে উপস্থিত হয় ৰাজ্যৰ নৱ নিযুক্ত ৰাজ্যপাল গোলাৱ চান্দ কাটাৰীয়া । মহাৰত্ন উদ্যোগ তেল আৰু প্ৰাকৃতিক গেছ নিগম , অসম সম্পদৰ নাজিৰাস্থ মুখ্য কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত , জিলা আৰক্ষী অধীক্ষক তথা প্ৰশাসনীয় বিষয়া আৰু বিভিন্ন চৰকাৰী বিভাগৰ মূৰব্বী বিষয়া বৰ্গৰ সৈতে বৈঠকত মিলিত হয় ৰাজ্যৰ মূৰব্বী ৰাজ্যপাল গৰাকী । বিয়লি প্ৰায় ৫ বজাৰ পৰা বৈঠকত মিলিত হোৱা এই বৈঠকৰ বিষয়ে সংবাদ সংগ্ৰহৰ বাবে যথা স্থানত ছপা আৰু বৈদ্যুতিন মাধ্যমৰ স্থানীয় সংবাদসেৱী সকল উপস্থিত হয় যদিও নিৰাপত্তাৰক্ষী তথা প্ৰশাসনে সভাকক্ষত প্ৰৱেশত বাধা প্ৰদান কৰে । শিৱসাগৰ জিলা তথা নাজিৰা মহকুমা প্ৰশাসনৰ এনে কাৰ্যত স্থানীয় সংবাদসেৱী সকলে আক্ষেপ প্ৰকাশ কৰিছে ।


