নিউজ ডেক্স, ২৫ এপ্ৰিল, ২০২৩ : অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই আজি নাজিৰাৰ অ’এন.জি.চি ৰ সভাকক্ষত শিৱসাগৰ জিলাৰ অন্তৰ্গত বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলৰ লগতে তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ মূৰব্বী বিষয়া আৰু নিৰাপত্তা বাহিনীৰ মুৰব্বী বিষয়া সকলৰ লগত এক পৰ্যলোচনা সভাত মিলিত হৈ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগে ৰূপায়ন কৰি থকা আঁচনি সমূহৰ লগতে তেল আৰু প্ৰাকৃতিক গেছ আয়োগে সম্পাদন কৰি থকা কাম কাজ আৰু নিৰাপত্তা বাহিনীৰ নিৰাপত্তা সম্পৰ্কীয় বিষয়ত আলোচনা কৰে ৷ এই পৰ্যালোচনা সভাত অ’এন.জি.চিয়ে বৰ্তমানলৈকে তেল আৰু গেছ উৎপাদনৰ কাৰণে লোৱা ব্যৱস্থা আৰু সামাজিক উন্নয়নৰ কাৰণে গ্ৰহণ কৰা ব্যৱস্থাৰ লগতে পিপিটি পদ্ধতিৰ বিষয়েও অৱগত কৰে ৷ সভাত নিৰাপত্তা বাহিনীৰ তৰফৰ পৰাও জিলাখনত সন্ত্ৰাসবাদ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে হাতত লোৱা ব্যৱস্থা সমূহৰ বিষয়ে বিস্তৃত ভাৱে আলোচনা কৰা হয় ৷ ইয়াৰোপৰি জিলাখনৰ জনস্বাস্থ্য কাৰিকৰী, কৃষি, স্বাস্থ্য, মীন, সমাজ কল্যান, গ্ৰামোন্নয়ন, লোকনিৰ্মাণ আদিকে ধৰি বিভিন্ন বিভাগে ৰূপায়ন কৰি থকা উন্নয়নমূলক কামৰ খতিয়ান পিপিটিৰ জৰিয়তে ৰাজ্যপাল গৰাকীক অৱগত কৰা হয় ৷ সভাত উপায়ুক্ত আদিত্য বিক্ৰম য়াদৱ, অ’এন.জি.চিৰ এচেট মেনেজাৰ ৰাজেশ কুমাৰ শৰ্মা, আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অশ্চিনী দ’লে, জিলা উন্নয়ন আয়ুক্ত বিতোপন নেওগ, অতিৰিক্ত উপায়ুক্ত ড° মন্দিৰা বৰুৱা, সব্যসাচী কাশ্যপ, কৰ্মদেৱ ব্ৰহ্ম, নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুসী জৈন, সহকাৰী আয়ুক্ত নুজহত নাচৰিন, উপাসনা বৰা, সেনাবাহিনী, চিআৰপিএফ, কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ মুৰব্বী আৰু জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে ৷ তথ্য আৰু জনসংযোগ বিভাগৰ বিজ্ঞপ্তিত ৰাজ্যপালৰ নাজিৰা ভ্ৰমণ সন্দৰ্ভত এইদৰে প্ৰকাশ কৰিছে৷
Breaking News
- নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
- নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্যাপন
- প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
- দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
- নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
- যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
- তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
- চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :

