নিউজ ডেক্স,২৮ এপ্ৰিল, ২০২৩ : – আজি চৰাইদেউ জিলাৰ মাহমৰা বিধান সভা সমষ্টিৰ কাকতিবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত জল জীৱন মিচনৰ অধীনত হাতীমূৰীয়া পথাৰ পানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে। চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাৰ উপস্থিতিত উদ্বোধন কৰা এই পানী যোগান আচনিখন জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাজিৰা সংমণ্ডলৰ অধীনত ১৩৫.৭১ লাখ টকা ধনৰাশিৰে নিৰ্মাণ কৰা হৈছে।এই আঁচনিখনৰ জড়িয়তে বৃহত্তৰ হাতীমূৰীয়া পথাৰ অঞ্চলৰ ১৫৮ ঘৰ পৰিয়ালে স্বাস্থ্যসন্মত আৰু বিশুদ্ধ খোৱা পানী লাভ কৰিব।এই উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰকল্প স্থলীতে এখন সভাও অনুষ্ঠিত হৈ যায়। সভাত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিভাগীয় বিষয়া কৰ্মচাৰী; স্থানীয় গাঁও পঞ্চায়তৰ প্ৰতিনিধি সহ বহুকেইজন বিশিষ্ট ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।
ৰাইজক উদ্দেশ্যি প্ৰদান কৰা ভাষণ প্ৰসংগত মন্ত্ৰী মহনে বৰ্তমান সময়ত ৰাজ্যখনৰ নগৰাঞ্চলৰ লগতে গ্ৰামাঞ্চলতো বিশুদ্ধ খোৱা পানীৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰি চৰকাৰ; প্ৰশাসন তথা ৰাইজ সজাগ হ’লেহে সমাজৰ উন্নয়ন ক্ষিপ্ৰতৰ হ’ব বুলি মন্ত্ৰী গৰাকীয়ে নিজ বক্তব্যত উল্লেষ কৰে।লগতে মন্ত্ৰীগৰাকীয়ে এই আঁচনিৰ দ্বাৰা আগন্তক সময়ত সমগ্ৰ গাঁওবাসীক এক দীৰ্ঘকালীন লাভ প্ৰদান কৰিব পৰা যাব বুলি কয়৷ পানী যোগান আঁচনিখন গাওঁবাসীয়ে নিজৰ বুলি গ্ৰহণ কৰি সুচাৰুৰূপে চলাই নিবৰ বাবে মন্ত্ৰী গৰাকীয়ে আহ্বান জনাই ৰাইজক বিভিন্ন চৰকাৰী জনকল্যানমুলক আঁচনি সমুহৰ লাভালাভ সম্পৰ্কেও ভাষণত উল্লেখ কৰে। উক্ত সভাত কেইবাজনো বিশিষ্ট ব্যক্তিয়ে বিশুদ্ধ খোৱা পানীৰ প্ৰয়োজনীয়তা আৰু জলসংকটৰ দৰে ভয়াবহ সমস্যাৰ ওপৰত নিজ নিজ মত ব্যক্ত কৰে।