নিউজ ডেক্স,২৯ এপ্ৰিল,২০২৩ : জনজাতিকৰণৰ দাবীত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে আজি শিৱসাগৰ চেৰেকাপাৰৰ পৰা গড়গাঁও কাৰেংঘৰ সমীপৰ লৈকে আটাছুৰ কেইবা শতাধিক কৰ্মীয়ে এক মটৰচাইকেল ৰেলীত অংশগ্ৰহণ কৰে। বিজেপি চৰকাৰ মুৰ্দাবাদ, ন’ এছ’টি ন’ৰেষ্ট, আমাক জনজাতিকৰণ লাগিবই ধ্বনিৰে শিৱসাগৰ আকাশ বতাহ কঁপাই তোলে সংগঠনটোৰ কৰ্মীসকলে।
আনহাতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “মন কি বাত” অনুস্থানৰ বাবে ঐতিহাসিক শিৱসাগৰ ৰংঘৰক বিকৃত ৰূপ দিয়াকলৈ বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে আটাছুৰ নেতৃবৃন্দই।

আনহাতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “মন কি বাত” অনুস্থানৰ বাবে ঐতিহাসিক শিৱসাগৰ ৰংঘৰক বিকৃত ৰূপ দিয়াকলৈ বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে আটাছুৰ নেতৃবৃন্দই।