নিউজ ডেক্স, ০১ মে ২০২৩ : যোৱা ৩০ এপ্রিলৰ দিনা প্ৰাক্তন সৈনিক সকলে One Rank One Pension(OROP) প্ৰদান কৰোতে হোৱা বিসংগতি বিলাক দূৰ কৰিবৰ বাবে সম্পূর্ণ ভাৰতবৰ্ষত প্ৰাক্তন সৈনিক, বীৰ নাৰী, শ্বহীদ সৈনিকৰ বিধৱা সকলে নিজ নিজ অঞ্চলৰ লোকসভা সাংসদ সকলৰ যোগেদি ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্রী লৈও স্মাৰক পত্ৰ প্ৰেৰণ কৰে। গোটেই ভাৰত জুৰি হোৱা স্মাৰক পত্ৰ প্ৰদান কাৰ্যক্ৰমৰ লগত সংগতি ৰাখি যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ প্ৰাক্তন সৈনিক, বীৰ নাৰী আৰু শ্বহীদ সৈনিকৰ বিধৱা সকলে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ শ্ৰী তপন কুমাৰ গগৈক চফ্ৰাইৰ মুকলি মঞ্চত ‘ভাৰত মাতা কী জয়’, ‘বন্দে মাতৰম্’ ধ্বনি দি দলে-বলে গৈ স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰ গ্ৰহণৰ অন্তত সাংসদ গৰাকীয়ে প্ৰাক্তন সৈনিক সকলক স্মাৰক পত্ৰত উল্লেখিত ১৬টা বিষয় সদনত আলোচনা কৰাৰ আশ্বাস প্ৰদান কৰে।
Breaking News
- নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
- নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্যাপন
- প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
- দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
- নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
- যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
- তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
- চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :

