- নিউজ ডেক্স, ২ মে’২০২৩ : যোৱা ১ মে’ তাৰিখে AITUC অন্তগৰ্ত সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ নামতি আৰু গেলেকী আঞ্চলিকৰ সহযোগত নাজিৰা মহকুমা কমিটিৰ উদ্যোগত গেলেকী নাট্যমন্দিৰত দিনজোৰা কাৰ্যসূচীয়ে আন্তজাৰ্তিক শ্ৰমিক দিৱস উদযাপন কৰা হয় ৷ শ্ৰমিক নেতা জয়ৰাম কোঁৱৰে পতাকা উত্তোলন আৰু অৱসৰপ্ৰাপ্ত শিক্ষক তনু গগৈয়ে স্মৃতি তৰ্পণ কৰাৰ পাছতে এক বৰ্ণাঢ্য সাংস্কৃতিক দল সহ বিভিন্ন দাবীৰ ভিত্তিত প্লে’কাৰ্ড লৈ শ্ল’গান দি শ্ৰমিক সকলে শোভাযাত্ৰা কৰে ৷
প্ৰবীন কমিউনিষ্ট নেতা তথা সমাজকৰ্মী চেনীৰাম বৰগোহাঁই সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভা উদ্বোধন কৰে মহেন্দ্ৰ বৰগোহাঁইয়ে আৰু নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ জিলা সভাপতি নাথুৰাম দত্তই মে’ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি শ্ৰমিকৰ সমস্যা সমূহ সমাধানৰ বাবে শ্ৰমিক সকলক সংগ্ৰামত ব্ৰতী হ’বলৈ কয় ৷
সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি চি পি আই ৰাজ্যিক সম্পাদক কনক গগৈয়ে শ্ৰমিক দিৱসৰ তাৎপৰ্য লগতে শ্ৰমিক শ্ৰেণীৰে ব্যৱহাৰ কৰা ৰক্ত পাতাকা জন্মৰ ইতিহাসৰ সম্পৰ্কে ব্যাখ্যা আগবঢ়াই কয় যে ইউৰোপ আমেৰিকাৰ উন্নত দেশ ফ্ৰান্স, ইংলেণ্ড, USA আৰু জাৰ্মানীত ১৮ শতিকাৰ শেষৰফালে আৰু ১৯ শতিকাৰ আৰম্ভণিয়ে পৰাই বিশেষকৈ পেৰিচ, লিয়ন, নিউয়ৰ্ক, চিকাগো, মানচেষ্টাৰ, লিভাৰপল, লণ্ডন, বাৰ্লিন আদি উদ্যোগিক চহৰত শ্ৰমিক শ্ৰেণীৰ বৃদ্ধিৰ লগে লগে শ্ৰমিক শ্ৰেণীয়ে তেওঁলোকৰ কামৰ সময় ১০ ঘণ্টা ৮ ঘণ্টালৈ হ্ৰাস কৰা দাবী জনাই এই ৰক্ত পতাকা ১৮৮৬ চনৰ হে’ মাৰ্কেটৰ ঘটনাৰ পূৰ্বৰ পৰাই সংগ্ৰামৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছিল বুলি কৈ আজিৰ আমাৰ দেশৰ পেক্ষাপটতো বিজেপিৰ নেতৃত্বাধীন চৰকাৰ কেইখনে শ্ৰমিকক চাটাই কৰি নিবনুৱালৈ পৰিণত কৰিবৰ বাবে যিদৰে শ্ৰমিকৰ বিৰুদ্ধে গৈ ক’পৰেটগোষ্ঠীক শোষণ লুণ্ঠনৰ বাবে শ্ৰমিকৰ স্বাৰ্থবহন কাৰী শ্ৰমিক আইন সমূহ সংকোচন ঘটাই চাৰি শ্ৰমকোড আনিছে ইয়াৰ বিৰুদ্ধে ও সকলো শ্ৰমিকক ঐক্যবদ্ধ হৈ সংগ্ৰামত ব্ৰতী হ’বলৈ আহ্বান জনোৱাৰ লগতে তেওঁ শ্ৰমিক সকলক দেশৰ সংবিধান আৰু গণতন্ত্ৰৰ প্ৰতি বৰ্তমানৰ চৰকাৰে অনা ভাবুকিক প্ৰতিহত কৰিবৰ বাবে ঐক্যবদ্ধ সংগ্ৰামত ব্ৰতী হ’বলৈ আহ্বান জনাই ৷
মুকলি সভাত নাজিৰা শ্ৰম কাৰ্যালয়ৰ পৰিদৰ্শক মঃ আৰচাদ ৱাচিম আহমেদ , সহায়ক ৰাতুল নাথ , চি পি আইৰ নাজিৰা মহকুমা পৰিষদৰ সম্পাদক যোগেন চেতিয়া, ইউনিয়নৰ নাজিৰা মহকুমা কমিটিৰ সভাপতি ৰজনী গগৈ সম্পাদক আশুতোষ বুঢ়াগোহাঁয়ো উপস্থিত আছিল ৷
সভাৰ সাংস্কৃতিক অনুষ্ঠানত নামতি সুদৰ্শন আধ্যাত্মিক সমাজৰ দিহা নাম , নামতি গোহাঁই চেতিয়া শাখাৰ দিহানাম আৰু জেংবিহু, গেলেকী বীৰাংগনা মহিলাৰ জেংবিহু দলৰ লগতে শিশু সকলৰ বিহুগীত নৃত্য আৰু অকনি পাংগীং ৰ গীতৰ শৰাই আদিয়ে কাৰ্যসূচী সৌষ্ঠৱ বৃদ্ধি কৰে ৷

