নিউজ ডেক্স, ৬ মে’, ২০২৩ : অসম চৰকাৰৰ ৰাজহ, দুৰ্যোগ ব্যৱস্থাপনা আৰু পাৰ্বত্য এলেকা উন্নয়ন মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনে আজি চৰাইদেউ জিলাৰ অন্তৰ্গত মথুৰাপুৰ বৰাইক চুকত “জল জীৱন মিছন”ৰ অধীনত মথুৰাপুৰ বৰাইক চুক পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰাৰ লগতে মথুৰাপুৰ ভকত গাৱৰ ঊনৈশ মিটাৰ পথ নিৰ্মানৰ আধাৰ শিলা স্থাপন কৰে। চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ সীমামূৰীয়া অঞ্চল তথা মাহমৰা সমষ্টিৰ অন্তৰ্গত মথুৰাপুৰত আজি মন্ত্ৰী গৰাকী উপস্থিত হৈ অঞ্চলটোৰ বিভিন্ন সমস্যা আৰু ৰাইজৰ অভাৱ-অভিযোগ সমূহ বুজ লোৱাৰ লগতে ৰাইজৰ সুবিধাৰ্থে দুটাকৈ প্ৰকল্প তথা আঁচনিৰ শুভউদ্বোধন কৰে ।


