নিউজ ডেক্স, ২২ মে’, ২০২৩: এ আই টি চি ইউৰ অন্তগৰ্ত সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থা (AACWU) নাজিৰা মহকুমা পৰিষদৰ আহ্বান ক্ৰমে নিৰ্মাণ শ্ৰমিক সন্থাৰ ১৬ দফীয়া দাবীৰ পূৰণৰ বাবে নাজিৰা মহকুমাধিপতি কাৰ্য্যলয়ৰ সন্মুখত আজি অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী পালন কৰে । সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ ৰাজ্যিক সাংগঠনিক সম্পাদক নিতুল বৰা, চি পি আইৰ ৰাজ্যিক সম্পাদক কনক গগৈ, সন্থাৰ জিলা সভাপতি নাথু দত্ত, উপ সভাপতি নমিতা গগৈ, নাজিৰা মহকুমাৰ সভাপতি ৰজনী গগৈ, মহকুমাৰ সম্পাদক আশুতোষ বুঢ়াগোহাঁইয়ে উপস্থিত থাকি দাবী সমূহৰ ওপৰত বক্তব্য প্ৰদান কৰাৰ পিছত চাহ শ্ৰমিকৰ দিন হাজিৰা ৩৫০ টকালৈ বৃদ্ধি কৰা ,এনৰেগাৰ দৈনিক মজুৰি বৃদ্ধি কৰা , প্ৰশিক্ষণপ্ৰাপ্ত শ্ৰমিকৰ পাৰিতোষিক আৰু প্ৰমাণপত্ৰ অতি শীৰ্ঘ্ৰে প্ৰদান কৰা , দূৰ্নীতিগ্ৰস্ত আমোলা – বিষয়া – ঠিকাদাৰক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা , পেঞ্চনৰ ধন ৭৫০০ টকালৈ বৃদ্ধি কৰা আদিকে ধৰি প্ৰায় ১৬ টা দাবী সম্বলতি এখনি স্মাৰক পত্ৰ নাজিৰা মহকুমাৰ মহকুমাধিপতিৰ যোগেদি অসম চৰকাৰৰ শ্ৰম আয়ুক্তলৈ প্ৰেৰণ কৰে।


