নিউজ ডেক্স, ৩১ মে’ , ২০২৩ : নাজিৰাৰ জিকিৰ গায়িকা চৈয়দা নাবিহা ৰহমানে কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক বিভাগৰ অধীনত ছাত্ৰ বৃত্তি লাভ কৰাত উৎফুল্লিত হৈ পৰিছে স্থানীয় ৰাইজ৷
উল্লেখ্য যে দেশৰ বিভিন্ন প্ৰান্তৰ সাংস্কৃতিক জগতৰ লগত জড়িত শিশুক উৎসাহিত কৰিবৰ বাবে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনত ১০- ১৪ বছৰ বয়সৰলৈকে বিভিন্ন বিদ্যালয়ত অধ্যয়নৰত তথা সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত শিশুৰ বাবে ১৯৮২ চনৰ পৰা ৰাষ্ট্ৰীয় ভিত্তিত এক বিশেষ জলপানি তথা বৃত্তিৰ ঘোষণা কৰি আহিছে৷ দেশজুৰি মুঠ ৬৫০ জন ছাত্ৰছাত্ৰীক নিৰ্বাচিত কৰা এই বৃত্তিৰ ১০০ খন আসন জনজাতিৰ বাবে, ১২৫ খন আসন পৰম্পৰাগত লোককলাৰ লগত জড়িত সকলৰ বাবে, ২০ খন আসন বিশেষ ভাবে সক্ষম লোকৰ বাবে সংৰক্ষিত। বছৰি প্ৰতিজন নিৰ্বাচিত ছাত্ৰছাত্ৰীক ৩৬০০ /টকাৰ পৰ ৯০০০/ টকালৈকে ছাত্ৰবৃত্তি প্ৰদান কৰা চি চি আৰ টি ত অসমৰ পৰম্পৰাগত লোকগীত শিতানত জিকিৰ বিষয়ত নাবিহা ৰহমানে ২০২৩ বৰ্ষৰ ছাত্ৰবৃত্তি লাভ কৰা বাৰ্তাই নাজিৰা বাসীক গৌৰাৱাম্বিত কৰি তুলিছে৷


