নিউজ ডেক্স, ৩ জুন,২০২৩: এইখন অসমত দিনদুপৰতেই যেন সুৰক্ষিত নহয় মহিলা,যুৱতী ৷ এইবাৰ ইৰিক্সাৰ চালক আৰু সতীৰ্থ জড়িত হৈ পৰিছে মহিলা-যুৱতীক অপহৰণ কৰি যৌন নিৰ্যাতনৰ চেষ্টা চলোৱাত।এই ঘটনা সংঘটিত হৈছে নাজিৰাৰ লিগিৰী পুখুৰীত৷
নাজিৰাৰ লিগিৰীপুখুৰীত অৱস্থিত নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়লৈ যোৱা তথা চিকিৎসালয়খনতেই নাৰ্চৰ প্ৰশিক্ষণ লৈ থকা এগৰাকী যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ চেষ্টা ইৰিক্সা চালকসহ সতীৰ্থৰ।যুৱতী গৰাকীক নাজিৰাৰ কলেজ তিনিআলিৰ পৰা ভাড়াতীয়া যাত্ৰী ৰূপে AS04ER1106 নম্বৰৰ ইৰিক্সাত লৈ গৈছিল চালকসহ সতীৰ্থই৷নাজিৰাৰ লিগিৰীপুখুৰীত স্থিত নাজিৰা মহকুমা অসামৰিক চিকিৎসালয় নৌ পাওতেই যুৱতী গৰাকীক অশালীন মন্তব্য আৰু যৌন নিৰ্যাতনৰ চেষ্টা চলাই চালক সহ সতীৰ্থই।নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়লৈ নগৈ আন ৰাষ্টাৰে চালকে ইৰিক্সাখন নিব বিচৰাত উপায়ন্তৰ হৈ যুৱতী গৰাকীয়ে জঁপিয়াই নিজকে ৰক্ষা কৰে।প্ৰত্যক্ষদৰ্শী কিছু লোক ঘটনাস্থলীত উপস্থিত হৈ আঘাত প্ৰাপ্ত যুৱতী গৰাকীক উদ্ধাৰ কৰি ইৰিক্সাৰ চালক সহ সতীৰ্থ ক্ৰমে চন্দন কুমাৰ মাহাতু আৰু দীপ চৰকাৰক উত্তম-মাধ্যম সুধাই গতাই দিয়ে নাজিৰাৰ আৰক্ষীক।