নিউজ ডেক্স, ৪জুন, ২০২৩ : আজি নাজিৰা নগৰৰ কমাউনিটি কেন্দ্ৰত পৌৰ কৰ বৃদ্ধি সন্দৰ্ভত নাজিৰাত পুনৰ ৰাজহুৱা সভা অনুষ্ঠিত হয়। জেষ্ঠ নাগৰিক জীতেন ফুকনৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত প্ৰাক্তন অধ্যাপক প্ৰভাত বৰঠাকুৰ, বিমান বৰুৱা ,সত্যনাৰায়ণ কৰ, নাজিৰাৰ প্ৰাক্তন পৌৰপতি আব্দুৰ ৰহমান,জেষ্ঠ নাগৰিক চুলতান মাহমুদক,ৱাছিম আমদ, ৰাজেন চাহু , চৈয়দ মুস্তাক আহমেদ, পৱন আগৰৱালা, মুজিব চৌধৰীকে ধৰি নগৰখনৰ বহুসংখ্যক লোক উপস্থিত থাকে । সভাত বিভিন্ন বক্তাই নাজিৰা পৌৰসভাই নতুনকৈ নিৰ্দ্ধাৰিত কৰা পৌৰকৰ বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ বাবে আহ্বান জনোৱাৰ লগতে নাগৰিক সকলৰ উমৈহতীয়া স্বাৰ্থত শ্ৰী প্ৰভাত বৰঠাকুৰক সভাপতি, সত্যনাৰায়ণ কৰক কাৰ্যকৰী সভাপতি, আবু কালাম শ্বাহ, জীতেন ফুকন আৰু প্ৰসাদ সন্দিকৈক উপ-সভাপতি, বিমল আগৰৱালাক সাধাৰণ সম্পাদক, নাছেৰ খানক সম্পাদক আৰু চৈয়দ খাইৰুল হাচানক সাংগঠনিক সম্পাদক ৰূপে লৈ ’নাজিৰা নাগৰিক সমিতি’ নামেৰে এখন ৫১ জনীয়া সমিতি গঠন কৰা হয়৷


