নিউজ ডেক্স, ১০ জুন, ২০২৩: বিতৰ্কৰ অন্তত মুক্তি পোৱা শ্ৰীৰঘুপতিয়ে বৰ্তমান সময়ত সমাদৰ লাভ কৰিছে বহুজন দৰ্শকৰ মাজত । ব্যতিক্ৰম নহয় নাজিৰা বোলছবিৰ পৰিৱেশ । পুৱাৰে পৰা দিঘলীয়া শাৰী দৈখিবলৈ পোৱা গৈছে নাজিৰা বোলছবি গৃহত । শ্ৰী ৰঘুপতি মুক্তিৰ প্ৰথমটো দিনৰে পৰা নাজিৰা বোলছবিত অসমীয়া ছবি খন চাবলৈ ভিৰ কৰিছে বহুজন দৰ্শকে । ছবি খন চাবলৈ অহা দৰ্শক সকলে সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি কয় যে , ৰঘুপতি এখন সুন্দৰ আৰু উপভোগ্য অসমীয়া ছবি; ৰঘুপতি উপভোগ কৰি দক্ষিণৰ ছবি উপভোগ কৰাৰ দৰেই মাদকতা লাভ কৰিছে সৰ্বস্তৰৰ ৰাইজে । এনেদৰে অসমৰ ভিন্ন প্ৰান্তৰ ছবি গৃহ সমূহৰ সমান্তৰালকৈ নাজিৰা বোলছবিতো অসমীয়া ছবি ৰঘুপতি চোৱাৰ উদ্দেশ্যে নাজিৰা বোলছবীত ভিৰ কৰিছেহি বহুজনে ।


