
নিউজ ডেক্স,১৭ চেপ্তেম্বৰ ২০২৩ : বিশিষ্ট সমাজকৰ্মী, শিক্ষাবিদ,সমাজ সংগঠক তথা প্ৰবীন কমিউনিষ্ট নেতা কমৰেড চেনীৰাম বৰগোহাঁইৰ ৮৪ সংখ্যক ওপজা দিনটোত আজি এক অভিনন্দন অনুষ্ঠান চাৰিআলি ছোৱালী হাই স্কুলৰ সভাগৃহত নামতি জেষ্ঠ নাগৰিক সন্থা, নামতি চাৰিআলি ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়, চি পি আই আঠখেল আঞ্চলিক আৰু অমৰজ্যোতি ক্লাৱৰ উদ্যোগত অনুষ্ঠিত কৰা হয় ৷ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক চফিউৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত আৰু শ্বহীদ পিয়লীফুকন মহাবিদ্যালয়ৰ অধ্যাপক ৰঞ্জন ফুকনে উদ্বোধন কৰা মুকলি সভাত “ সমতাৰ সৈনিক চেনীৰাম বৰগোহাঁই” নামেৰে ৪২ জন লেখকে লিখা এখনি অভিনন্দন গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ কমৰেড অতুল গগৈয়ে ৷ বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি গোহাঁইৰ শিক্ষাগুৰু টংকেশ্বৰ বৰুৱা, অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বুৰঞ্জীবিদ জিতেন বৰপাত্ৰগোঁহাই, চি পি আইৰ ৰাজ্যিক নিয়ন্ত্ৰণ আয়োগৰ অধ্যক্ষ কমৰেড ধৰ্ম বৰুৱাকে ধৰি বহুকেইজন ব্যক্তিয়ে চেনীৰাম বৰগোহাঁইৰ গুণানুকীৰ্তনেৰে বক্তব্য প্ৰদান কৰে৷ প্ৰায় বিশটাতকৈ অধিক দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান আৰু অৰ্দ্ধ শতাধিক ব্যক্তিয়ে বৰগোহাঁইক ওপজা দিনৰ ওলগ আৰু অভিনন্দন জনায় ৷

