নিউজডেক্স, ১০ ডিচেম্বৰ, ২০২৩ :আজি ইণ্ডিজেনাজ পিপুলচ অৱ মুং-ডুন-চুন-খাম, আসাম, নৰ্থ ইষ্ট ইণ্ডিয়া আৰু জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি, অসমৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত বিশ্ব মানৱাধিকাৰ দিৱস উদযাপন কৰা হয়। উক্ত দিৱসৰ লগত সংগতি ৰাখি , ” মানৱাধিকাৰ আৰু উত্তৰ পূৰ্বাঞ্চল” শীৰ্ষক এখনি আলোচনা চক্ৰ আয়োজন কৰা হয়। আলোচনা পন্থী, আলফাৰ উপ-সভাপতি প্ৰদীপ গগৈ, এল খংচাই, সভাপতি,অসম কুকি ৱেলফেয়াৰ ছচাইটি, এন জি সাংহল সিনহা , সভাপতি, সদৌ অসম মণিপুৰী ছাত্ৰ সন্থা, চিন্তাবিদ মৃণাল গোঁহাই, মেইচানাম ভগত সিনহা,মানৱ অধিকাৰ কৰ্মী
পাওটিনলেন চঙলুই,ডক্তৰ চেহনাজ আহমদ, জাতিয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ সম্পাদক ৰাজকুমাৰ বৈশ্য ইত্যাদি লোকে উক্ত আলোচনাত অ্ংশ গ্ৰহণ কৰে৷ আলোচনা চক্ৰৰ উদ্দেশ্য ব্যাখ্যা কৰে ইণ্ডিজেনাজ পিপুলচ অৱ মুং-ডুন-চুন-খাম, আসাম, নৰ্থ ইষ্ট ইণ্ডিয়াৰ সচিব প্ৰধান, অনুপ আৰণধৰাই আৰু আলোচনা চক্ৰ পৰিচালনা কৰে সদৌ অসম কোঁচ ৰাজবংশী সন্মিলনীৰ উপ- সভাপতি খগেন্দ্ৰজিৎ ঠাকুৰীয়াই। আলোচনা চক্ৰৰ অংশ কৰা বক্তা সকলে উত্তৰ পূৰ্বাঞ্চলত বিভিন্ন কাৰণত খিলঞ্জীয়া লোক সকলৰ মানৱাধিকাৰ কি দৰে ভংগ হৈছে, বিশেষকৈ বৰ্তমান উত্তৰ-পূৰ্বাঞ্চলৰ কিছু অঞ্চলত বৰ্তমান প্ৰৱৰ্ত্তন হৈ থকা সামৰিক বাহিনীৰ বিশেষ অধিকাৰ আইন উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠী সকলৰ পৰিপন্থী বুলি অভিহিত কৰে।
আনহাতে ব্যৱসায় তথা উন্নয়ন সন্দৰ্ভত ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা খিলঞ্জীয়া অধিকাৰ চনদ ২০০৭, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ সমূহে উত্তৰ পূৰ্বাঞ্চলত সম্পূৰ্ণ ৰূপে কাৰ্যকৰী কৰিবলৈ দাবী উত্থাপন কৰে।
তাৰোপৰি বৰ্তমান সময়ত মণিপুৰত সংগঠিত বিক্ষিপ্ত ঘটনা সমূহত মানৱ অধিকাৰ ভংগ হোৱাৰ অভিযোগ তোলাৰ লগতে এই সম্পৰ্কত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ তৰফৰ পৰা নিৰপেক্ষ তদন্তৰ দাবী উত্থাপন কৰা হয়।
আনহাতে ইণ্ডিজেনাজ পিপুলচ অৱ মুং-ডুন-চুন-খাম, আসাম, নৰ্থ ইষ্ট ইণ্ডিয়াৰ উদ্যোগত মণিপুৰৰ বিভিন্ন আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা শৰণাৰ্থী সকলক অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিবৰ বাবে কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ বিষয়ে সভাত সংগঠনটোৰ সচিব প্ৰধান অনুপ আৰণধৰাই অৱগত কৰাৰ
লগতে ইচ্ছুক ব্যক্তি সকলে আৰ্থিক ৰূপত বা ব্যৱহৃত কাপোৰ আৰু খাদ্য সামগ্ৰী, ঔষধ আদি সাহায্য প্ৰদান কৰিব খুজিলে ৯১০১৮-৪১৫৫৪, ৯৪০১৯-৩৪২৬২ নম্বৰত যোগাযোগ কৰিবৰ বাবে আহ্বান জনোৱা হৈছে৷

