নিউজডেক্স,১৬ ডিচেম্বৰ,২০২৩ :
জনপ্ৰিয় অভিনেতা জয়ন্ত দাসৰ দেহাৱসান। ৫৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ। যকৃত ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ এপল’ চিকিৎসালয়ত আজি নিশা ৮ -৪১ বজাত শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় অভিনেতা জনে৷ ৰাজ্যৰ মঞ্চ-ছবি জগতৰ অন্যতম বলিষ্ঠ অভিনেতা জয়ন্ত দাস বিয়োগৰ খৱৰে ব্যথিত কৰিছে। অনন্য অভিনয়েৰে আমাৰ অভিনয় জগতখনক অতুল্য মাত্ৰা দি থৈ যোৱা বিশিষ্ট অভিনেতা গৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰীকে ধৰি আন বহুলোকে গভীৰ শোক ৱ্যক্ত কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে৷