নিউজডেক্স,০৯ জানুৱাৰী,২০২৪: অস্বাভাৱিক হাৰত পৌৰকৰ বৃদ্ধিৰ সন্দৰ্ভত নাজিৰা নগৰত বহু দিন ধৰি তীব প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে নাজিৰাৰ নাগৰিক সকলে বিগত ২০২৩ চনৰ ৫ মাৰ্চত নাজিৰা নাট্য মন্দিৰৰ প্ৰাংগণত এক বৃহৎ ৰাজহুৱা সভা অনুষ্ঠিত কৰি অসমৰ মুখ্যমন্ত্ৰী, পৌৰ প্ৰশাসন মন্ত্ৰী আৰু পৌৰ কৰ্তৃপক্ষক এই কৰ বৃদ্ধিৰ প্ৰস্তাৱ প্ৰত্যাহাৰৰ দাবীত স্মাৰকপত্ৰ পত্ৰ প্ৰদান কৰাৰ পিছত গত বৰ্ষৰ ২৭ এপ্ৰিলত নাজিৰা পৌৰসভাই ৫% পৌৰকৰ বৃদ্ধি কৰি বিভিন্ন ক্ষেত্ৰত ৰেহাই প্ৰদানৰ দ্বাৰা মুঠ ২’৫% হাৰত পৌৰকৰ বৃদ্ধিৰ প্ৰস্তাৱেৰে নাজিৰা নাট্য মন্দিৰত এক ৰাজহুৱা সভাৰ আয়োজন কৰিছিল৷নাজিৰাৰ পৌৰ সভানেত্ৰী বৰ্ণালী চেতিয়াৰ পৌৰাহিত্যত অনুষ্ঠিত হোৱা উক্ত সভাত কাৰ্যবাহী বিষয়া প্ৰিতম গগৈ , ৱাৰ্ড পাৰিষদ সকলৰ লগতে বহু গণ্যমান্য ব্যক্তিৰ উপস্থিতিত পৌৰসভাৰ হৈ মঃ মিৰকাছিম আলিয়ে পৌৰকৰ বৃদ্ধিৰ সন্দৰ্ভত ৰাইজক অৱগত কৰিছিল যদিও ৰাইজ সন্তুষ্ট নোহোৱাৰ পৰিপেক্ষিতত পৰৱৰ্তী সময়ত গত বৰ্ষৰ ৪জুনত নাজিৰা নগৰৰ কমাউনিটি কেন্দ্ৰত পৌৰ কৰ বৃদ্ধি সন্দৰ্ভত নাজিৰাত পুনৰ অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত নাজিৰাত নৱ নিৰ্দ্ধাৰিত কৰা পৌৰকৰ বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত ৫১ জনীয়া নাগৰিক সমিতি গঠন কৰা হৈছিল৷ নাগৰিক সমিতিয়ে বৰ্দ্ধিত পৌৰকৰ প্ৰত্যাহাৰৰ দাবীত নাজিৰাৰ মহকুমাধিপতি আৰু পৌৰকৰ্তৃপক্ষক বহুবাৰ স্মাৰকপত্ৰ প্ৰদান কৰাৰ পিছতো কোনো কাণষাৰ নিদিয়াত নাগৰিক সমিতিৰ উদ্যোগত গত ৯ অক্টোবৰ তাৰিখে এক ধৰ্ণা কাৰ্যসূচী পালন কৰা হয়৷ পৰৱৰ্তী সময়ত গত ০৯ নবেম্বৰ২০২৩ তাৰিখে নাজিৰা মহকুমাধিপতিৰ কায্যালয়ত, নাজিৰা নাগৰিক সমিতি আৰু নাজিৰা পৌৰসভাৰ সৈতে অনুষ্ঠিত হোৱা আলোচনাত পৌৰ কৰ হ্ৰাসৰ সম্বন্ধত তথা কৰ পুনৰীক্ষণৰ বাবে নাজিৰা পৌৰসভাৰ বৰ্ড মিটিংত বিষয়টো উত্থাপন কৰা হব বুলি পৌৰ কতৃপক্ষই আশ্বাস দিছিল যদিও সেই আশ্বাস আজিও কাৰ্যকৰী নহ’ল৷ আজিও নাজিৰা পৌৰসভাই যোৱা ২৭ এপ্ৰিলৰ পিছত কাৰ্যকৰী কৰা দৰতেই পৌৰ কৰ সংগ্ৰহ কৰি আছে৷ আমি এই সন্দৰ্ভত দাখিল কৰা আৰ-টি- আই আবেদনৰ প্ৰতুত্তৰত নাজিৰা পৌৰসভাই জনাই যে ২০২২-২৩ বৰ্ষলৈকে ৫.০৫% পৌৰকৰ লৈ থকা হৈছিল যদিও বৰ্তমান ২০২৩-২৪ বৰ্ষত ঘৰৰ বাৰ্ষিক ভাড়া মূল্য (Annual Rental Value) নিৰ্দ্ধাৰণ কৰি ঘৰৰ ক্ষেত্ৰত ২.০৫% বিজুলী চাকি ১% , অসম সম্পত্তি কৰ ১.০৫% কৈ নিৰ্দ্ধাৰিত কৰাৰ লগতে ঘৰ নিৰ্মাণ কৰা বৰ্ষৰ পৰা প্ৰতি বছৰে ২% কৈ মূল্য হ্ৰাস (Depreciation) দি বৰ্ড সভাৰ সিদ্ধান্ত মৰ্মে আবাস গৃহৰ ক্ষেত্ৰত ৪০% আৰু ব্যৱসায়িক ঘৰৰ ক্ষেত্ৰত ২০% ৰেহাই দি কৰ নিৰূপণ কৰা হৈছে৷আনহাতে ইতিমধ্যে বাৰ শতাধিক লোকে এই নৱ নিৰ্দ্ধাৰিত হাৰত পৌৰকৰ পৰিশোধ কৰিছে বুলি কৰ্তৃপক্ষই আমাক মৌখিকভাৱে অৱগত কৰে৷ পৌৰকৰ্তৃপক্ষই আমাক জনোৱা তথ্যানুসৰি বৰ্তমান নাজিৰাত সৰু- বৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ঘৰ আছে সৰ্বমুঠ ২০৫৪ টা আৰু বিগত ২০১৫ চনৰ পৰা ২০২৩ চনৰ ৩১ মাৰ্চৰ লৈকে অ-এন-জি-চি ৰ পৰা সংগৃহীত ৰাজহৰ পৰিমাণ হ’ল ২,৫৯,৯৪,৮৪০,০০ টকা৷
Breaking News
- নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
- নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্যাপন
- প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
- দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
- নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
- যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
- তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
- চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :

