
নিউজডেক্স,২৮ জানুৱাৰী,২০২৪ : সদৌ বৰগোহাঞি বংশাৱলীৰ উদ্যোগত মেছাগড়,মাদুৰি আৰু মঠিয়াছিগাবাসী ৰাইজৰ সহযোগত তিনিদিনীয়াকৈ নাজিৰাৰ মেছাগড়ৰ চাওবিন্ ক্ষেত্ৰত অনুষ্ঠিত হৈছে বৰগোহাঞি বংশাৱলীৰ শতবৰ্ষীয় পূৰ্ণাংগ অধিৱেশন।
বৰগোহাঞি বংশধৰৰ উমৈহতীয়া অনুষ্ঠান সদৌ বৰগোহাঞি বংশাৱলীৰ যোগেদি একত্ৰিত হৈ বংশধৰ সকলে নিজৰ বংশৰ পৰিচয়,কৰ্মনিৰ্দ্ধাৰণেৰে নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে বংশাৱলী অনুষ্ঠিত কৰি আহিছে। নাজিৰাৰ মেছাগড়ৰৰ চাওবিন্ ক্ষেত্ৰত ২৭জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে এই শতবৰ্ষীয় বৰগোহাঞি বংশাৱলীৰ।পূৰ্ণাংগ অধিৱেশনৰ সৈতে সংগতি ৰাখি নাজিৰাৰ মেছাগড়ৰৰ চাওবিন্ ক্ষেত্ৰত অনুষ্ঠিত হৈছে বিভিন্ন বৰ্ণাঢ্য কাৰ্য্যসূচী,বংশলতিকা আৰু স্মৃতিগ্ৰন্থ উন্মোচনী সভা,প্ৰতিনিধি সভাকে আদি কৰি জনগোষ্ঠীয় সাজপাৰ মেলা,জনগোষ্ঠীয় খাদ্য মেলা। অহা ২৯জানুৱাৰীত সামৰণি পৰিব এই শতবৰ্ষীয় বৰগোহাঞি বংশাৱলীৰ পূৰ্ণাংগ অধিৱেশন।

