
নিউজডেক্স,২৮ জানুৱাৰী,২০২৪ : আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নাজিৰা আঞ্চলিক সমিতিৰ টকৌ আলিত অৱস্থিত কাৰ্যালয়ত এখনি উন্মোচনী সভা অনুষ্ঠিত হয়। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ সাংগঠনিক সম্পাদক তথা নাজিৰা আঞ্চলিক সমিতিৰ উপদেষ্টা ভাস্কৰ জ্যোতি মহন্তই আঁতৰাই উক্ত সভাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নাজিৰা আঞ্চলিক সমিতিৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক তথা অৱসৰী শিক্ষক বিজয় চন্দ্র বৰা, প্ৰাক্তন সতীৰ্থ তথা সমাজকৰ্মী ভৱানন্দ বড়া, দিলীপ গগৈ, অমৰিৎ শীল,নাজিৰা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সভানেত্রী প্ৰিঞ্চি প্ৰিয়া দত্ত আৰু সাধাৰণ সম্পাদক বিকাশ হাজৰিকা অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়াই মুখপত্ৰ “ অবিৰত যাত্ৰা”ৰ উন্মোচন কৰে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ প্ৰাক্তন উপ-সভাপতি তথা নাজিৰা আঞ্চলিক সমিতিৰ প্ৰাক্তন সাংগঠনিক সম্পাদক প্ৰয়াত মুকুলজিৎ শৰ্মাৰ নামত উচৰ্গা কৰা, চাও ৰুহিত বৰুৱা আৰু ভাস্কৰ জ্যোতি মহন্তই সম্পদনা কৰা মুখপত্ৰ খনৰ উন্মোচনী অনুষ্ঠানত মুকুলজিৎ শৰ্মাৰ পৰিয়ালৰ হৈ বৰপুত্ৰ বৈদুৰ্য গৌতম উপস্থিত থাকে। এই অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নাজিৰা আঞ্চলিক সমিতিৰ উপদেষ্টা সঞ্জীৱ মাহাতু,সভাপতি বুবলু দত্ত,উপ সভাপতি তৌফিক আলি, সাধাৰণ সম্পাদক যাদৱজ্যোতি বড়া,যুটীয়া সম্পাদক ৰাজীৱ কূৰ্মী উপস্থিত থাকে।
Breaking News
- নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
- নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্যাপন
- প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
- দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
- নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
- যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
- তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
- চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :

