নিউজডেক্স,২৯ জানুৱাৰী ২০২৪ :নাজিৰাৰ মেছাগড়ৰৰ চাওবিন্ ক্ষেত্ৰত বিগত ২৭জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা শতবৰ্ষীয় বৰগোহাঞি বংশাৱলীৰ পূৰ্ণাংগ অধিৱেশনৰ আজি শেষৰ দিনা পুৱাই অনুষ্ঠিত হয় এক বিশাল শোভাযাত্ৰা । প্ৰতি দহ বছৰৰ মূৰে মূৰে আয়োজন কৰা হয় বৰগোহাঁই বংশাৱলী অনুষ্ঠান । ৰাজ্যৰ বিভিন্ন স্থানৰ উপৰিও দেশৰ অন্যান্য স্থানৰ পৰা উপস্থিত হয়হি বৰগোহাঁই বংশৰ বহু সংখ্যক লোক । আজি অন্তিম দিনটোত আহোম পৰম্পৰা তথা ৰীতি নীতি প্ৰতিফলিত কৰিব পৰাকৈ পুৱাই অনুষ্ঠিত হয় বিশাল শোভাযাত্ৰা । এই শোভাযাত্ৰাৰ পিছতেই অনুষ্ঠিত হয় মুকলি সভা।মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে খ্যাতনামা বুৰঞ্জীবিদ পদ্মশ্ৰী যোগেন্দ্ৰ নাথ ফুকন, বিশিষ্ট সাংবাদিক ৰাজদীপ বাইলুং বৰুৱাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে।



