নিউজডেক্স,৩১ জানুৱাৰী,২০২৪ : আজি ৩১ জানুৱাৰীত সমগ্ৰ ৰাজ্যতে তাই আহোম সকলে পালন কৰিছে মে-ডাম-মে-ফী। শিৱসাগৰ জিলাৰ গড়গাঁওৰ হেমেনাবাৰীত স্থানীয় ৰাইজৰ উদ্যোগত এই মে ডাম মে ফী উদযাপন কৰা হয়।ঐতিহাসিক মে-ডাম-মে-ফি উৎসৱৰ পৱিত্ৰ ক্ষণত পুলিন-পুথাওসকলৰ মধুৰ আৰু অবিস্মৰণীয় স্মৃতিবোৰ শ্ৰদ্ধাৰে সুঁৱৰি পুৱাৰে পৰা তাই আহোমৰ পণ্ডিতসকলৰ দ্বাৰা তাই ৰীতি নীতিৰে পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে। এই অনুস্থানৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন, চামুচত মৰ্টণ লৈ দৌৰা, টেকেলি ভঙা আদিকে ধৰি বিভিন্ন ধৰণৰ খেল ধেমালি আয়োজন কৰা হয়।



