নিউজডেক্স,৪ ফ্ৰেব্ৰুৱাৰী,২০২৪ :নাজিৰাত আছাম ৰেজিমেণ্টে আলফাৰ সৈতে জড়িত এজন ব্যক্তিক যোৱা ৩ ফ্ৰেব্ৰুৱাৰীৰ দিনা আটক কৰি নাজিৰা আদৰ্শ আৰক্ষী থানাত গতাই দিয়ে।ধৃত লোক জন মৰাণৰ বেজ পথাৰৰ ৰোহিণী গগৈ। ৰোহিণী গগৈক আছাম ৰেজিমেণ্টে আৰু আৰক্ষীয়ে নাজিৰা আদৰ্শ আৰক্ষী থানাত সোধপোছ কৰাৰ পিছত জেললৈ প্ৰেৰণ কৰিছে। বিশেষ সূত্ৰই দিয়া খৱৰ অনুসৰি আটকাধীন ৰোহিণী গগৈয়ে আলফাৰ কেম্পত প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছিল।


