
নিউজডেক্স,৯ ফেব্ৰুৱাৰী,২০২৪ ; সমগ্ৰ দেশতে এক বৃহৎ আন্দোলনৰ দ্বাৰা কোলাহল সৃষ্টিৰ বাবে সাজু হৈছে কৃষক৷নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এন ডি এ চৰকাৰে ১০ বছৰীয়া শাসন কালত সন্মুখীন হোৱা বহু বিপৰ্যয়ৰ ভিতৰত ২০২০ বৰ্ষটো অন্যতম। চৰকাৰে প্ৰস্তুত কৰা কৃষি আইন তিনিখনৰ বাবে মোডী চৰকাৰে বহু বাধাৰ সন্মুখীন হৈ অৱশেষত চৰকাৰে তিনিওখন আইন প্ৰত্যাহাৰ কৰিবলগীয়া হৈছিল৷এতিয়া ২০২৪ চনৰ নির্বাচনলৈ মাত্র কিছুদিন বাকী থকা অৱস্থাত পুনৰবাৰ কিষাণ মর্চা গঠন কৰি দিল্লীলৈ সমদল উলিয়াবৰ বাবে সাজু হৈছে কৃষক সমাজ৷ অহা ১৩ ফেব্ৰুৱাৰীত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ২০০ টা কৃষক সংগঠনে দিল্লীলৈ সমদল উলিয়াবলৈ সাজু হৈছে। কৃষকৰ মূলতঃ দুটা দাবী। প্ৰথম – এম এছ পি অৰ্থাৎ নূন্যতম সমৰ্থন মূল্যৰ আইনী নিশ্চয়তা আৰু দ্বিতীয় – কৃষকৰ ঋণ ৰেহাই।কৃষৰ দীৰ্ঘদিনীয়া প্ৰতিবাদৰ পিছত ভাৰত চৰকাৰে এম এছ পি বিষয়ত এখন কমিটী গঠন কৰিছিল যদিও বহু কৃষক সংগঠনে ইয়াক লৈ সুখী হোৱা নাছিল। ভাৰতীয় কিষাণ ইউনিয়নৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰাকেশ টিকাইটেও এই আন্দোলনৰ কথা কৈছে। এইবাৰ চৰকাৰে নিবিচাৰে যে ২০২০ চনৰ দৰে আন্দোলন আৰু বিক্ষোভ তীব্ৰতৰ হওক, হয়তো সেইবাবেই বিক্ষোভ ঘোষণা হোৱাৰ লগে লগে ভাৰত চৰকাৰৰ তিনিজন মন্ত্ৰীয়ে চণ্ডীগড়ত কৃষকৰ প্ৰতিনিধিক সাক্ষাৎ কৰি এক বৈঠকত মিলিত হৈছিল। এই বৈঠকত পঞ্জাৱৰ মুখ্যমন্ত্রী ভগৱন্ত মানো উপস্থিত আছিল৷ মানে কয় যে এই বৈঠকত ভাৰত চৰকাৰ ইতিবাচক ৰূপত দেখা গ’ল।সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ভাৰত চৰকাৰৰ হৈ কৃষি আৰু কৃষক পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডা, বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱাল আৰু গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায় বৈঠকত উপস্থিত আছিল। কিন্তু এই বৈঠকৰ পাছতো দিল্লী সমদলৰ প্রস্তুতি স্থগিত ৰখাৰ কোনো বক্তব্য কৃষক সংগঠনৰ পৰা অহা নাই৷আনহাতে পুনৰ আন এখন বৈঠক অনুষ্ঠিত হ’ব বুলি ভাৰত চৰকাৰে জনাইছে৷ সেই সভাত কৃষক সংগঠনসমূহ কিছু সুনিৰ্দিষ্ট সহমতত উপনীত নহ’লে হয়তো কৃষকসকলে দিল্লীত প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি যাব পাৰে ৷কেন্দ্ৰীয় চৰকাৰে পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ পৰা দিল্লীলৈ অহা সকলো প্ৰৱেশ পইণ্টতে নিৰাপত্তাৰ ব্যৱস্থা বৃদ্ধি কৰিছে। ২০২০ চনৰ আন্দোলনৰ পিছত কৃষক সংগঠনসমূহত বিভাজন ঘটিছে। কিন্তু বৰ্তমানেও ইউনাইটেড কিষাণ মৰ্চা আৰু কিষাণ মজদুৰ সংঘৰ্ষ কমিটিয়ে দাবী কৰে যে তেওঁলোক একত্ৰিত আৰু তেওঁলোকৰ প্ৰতি প্ৰায় ২০০ টা কৃষক সংঘৰ সমৰ্থন আছে।

